আমেঠিবাসীয়ে কেতিয়াও কাৰো পৰা ভিক্ষা খোজা নাইঃ প্ৰিয়ংকা গান্ধী…

আমেঠিবাসীয়ে কেতিয়াও কাৰো পৰা ভিক্ষা খোজা নাইঃ প্ৰিয়ংকা গান্ধী…

ডিজিটেল ডেস্কঃ সোমবাৰে আমেঠিত উপস্থিত হৈ বিজেপি নেত্ৰী স্মৃতি ইৰাণীক তীব্ৰ কটাক্ষ কৰে। তেওঁ কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছত স্থানীয় ৰাইজৰ সৈতে সাক্ষাৎ কৰে। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে- আমেঠিৰ জনতাই কেতিয়াও কাৰো পৰা ভিক্ষা খোজা নাই।

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে সোমবাৰে আমেঠিৰ একাংশ স্থানীয় ৰাইজক সাক্ষাৎ কৰি কয়- 'স্মৃতি ইৰাণীয়ে ইয়াতে জোটা বিতৰণ কৰে, যাতে ক'ব পাৰে যে এওঁলোকৰ তাত পিন্ধিবলৈ জোটাও নাই। তেওঁ ভাৱে এয়া ৰাহুল গান্ধীক অপমান কৰিছে বুলি, কিন্তু এয়া আমেঠি আৰু আমেঠিবাসীক কৰা অপমান। আমেঠিৰ জনতাই কেতিয়াও কাৰো পৰা ভিক্ষা খোজা নাই।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in