আমেৰিকাত কোৰোনা আক্ৰান্ত হৈ কুকুৰৰ মৃত্যু…

আমেৰিকাত কোৰোনা আক্ৰান্ত হৈ কুকুৰৰ মৃত্যু…

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছ কেৱল মানৱ শৰীৰতে নহয় জন্তুৰ দেহতো সংক্ৰমিত হোৱাৰ খবৰ পোহৰলৈ আহিছে। এই ঘটনা সংঘটিত হৈছে আমেৰিকাত। এটা সুত্ৰত প্ৰকাশ পোৱা অনুসৰি আমেৰিকাত এটা কুকুৰ কোৰোনাত আক্ৰান্ত হৈছিল আৰু কোৰোনাত আক্ৰান্ত হোৱা কুকুৰটো বৰ্তমান মৃত্যু ঘটিছে। কুকুৰটো জাৰ্মান ছেফাৰ্ড প্ৰজাতিৰ আৰু সাত বছৰীয়া কুকুৰটোৰ নাম নাম বডী।

এপ্ৰিল মাহত কুকুৰটোৰ দেহত কোৰোনাৰ অৱস্থিতিৰ কথা পোহৰলৈ আহিছিল। কুকুৰটোৰ গৰাকী ৰাৱৰ্ট মৌহোনী নিউৱৰ্কৰ বাসিন্দা আৰু তেওঁকো এপ্ৰিল মাহত কোৰোনা পজিটিভ বুলি নিউৱৰ্কৰ স্বাস্থ্য বিভাগে সদৰি কৰিছিল। আমেৰিকাত এইটোৱেই একমাত্ৰ জীৱ যি কোৰোনাত আক্ৰান্ত হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in