শেহতীয়া খবৰ
উত্তৰাখণ্ডত বন্যহস্তীৰ জাকে চলালে বাহনত আক্ৰমণ...  •  চামগুৰি বিলত শ শ মাছৰ মৃত্যু, পৰিভ্ৰমী পক্ষীলৈও আহিছে চৰম ভাবুকি...  •  শ্লোগানতে সীমাবদ্ধ চৰকাৰৰ বিকাশ নীতি! লখিমপুৰ-বিশ্বনাথ জিলাৰ সীমান্তৱৰ্তী গাঁৱৰ জনতাৰ মান্ধাতা যুগীয়া জীৱন...  •  ৮ বছৰে সম্পূৰ্ণ নহ'ল ৰৌতা-ওদালগুৰি সংযোগী পথ...  •  পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...

আমেৰিকাতো বন্ধ বয়িং ৭৩৭ শ্ৰেণীৰ বিমানৰ উৰণ…

310
  • চীন, ভাৰতৰ পিছত এইবাৰ বয়িং ৭৩৭ শ্ৰেণীৰ বিমানৰ উৰণ বন্ধ কৰিলে আমেৰিকাই।
  • ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে প্ৰদান কৰিছে বয়িং ৭৩৭ শ্ৰেণীৰ বিমানৰ উৰণ বন্ধ কৰাৰ নিৰ্দেশ।
  • সকলোধৰণৰ যাত্ৰীবাহী বয়িং ৭৩৭ শ্ৰেণীৰ বিমান উৰণত বাধা।
  • ইথিওপিয়াত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পিছতেই এই নিৰ্দেশ জাৰী কৰিছিল চীনে।
  • তাৰ পিছতে ভাৰতৰ জেট এয়াৰৱেজেও বন্ধ কৰিছিল বয়িং ৭৩৭ শ্ৰেণীৰ বিমানৰ উৰণ।
  • উল্লেখ্য যে, ইথিওপিয়াত বয়িং ৭৩৭ মেক্স শ্ৰেণীৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্থ হৈছিল যোৱা দেওবাৰে।
  • এই দুৰ্ঘটনাত নিহত হৈছিল বিমান কৰ্মীসহ ১৫৭ জন লোক।
  • বয়িং ৭৩৭ শ্ৰেণীৰ বিমানৰ কোনো কাৰিকৰী বিজুতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছিল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি