ট্ৰাম্প পত্নীৰ অভ্যৰ্থনাত উপস্থিত নাথাকে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল, চিছোদিয়া! কি ক’লে মাৰ্কিন দূতাবাসে…

ট্ৰাম্প পত্নীৰ অভ্যৰ্থনাত উপস্থিত নাথাকে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল, চিছোদিয়া! কি ক’লে মাৰ্কিন দূতাবাসে…

ডিজিটেল ডেস্কঃ ভাৰত ভ্ৰমণলৈ আহিবলগীয়া মাৰ্কিন ৰাষ্ট্ৰপতি আৰু আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্পক আদৰণি জনাবলৈ ভাৰতে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। সোমবাৰে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীৰ গৃহ ৰাজ্য গুজৰাটৰ আহমেদাবাদত উপস্থিত হৈ নৱ নিৰ্মিত মোটেৰা ষ্টেডিয়াম উদ্বোধন কৰাৰ লগতে তাত 'নমস্তে ট্ৰাম্প' শীৰ্ষক এক সমাৰোহ সম্বোধন কৰিব।

ৰাষ্ট্ৰপতিগৰাকীৰ এই আহমেদাবাদ ভ্ৰমণক লৈ ইতিমধ্যে জাক জমককৈ সজাই তোলা হৈছে সমগ্ৰ আহমেদাবাদ চহৰ। প্ৰায় এশ কোটি টকা ব্যয় কৰা হৈছে ডোনাল্ড ট্ৰাম্পৰ অভ্যৰ্থনাক লৈ। আনহাতে সোমবাৰে পুৱাৰে পৰা মোটেৰা ষ্টেডিয়ামৰ বাহিৰত ৰাষ্ট্ৰপতিগৰাকীক আদৰিবলৈ শাৰী পাতিছে কেইবা লক্ষাধিক লোকে।

মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ বিভিন্ন কাৰ্যসূচীৰ সমান্তৰালভাৱে দিল্লীৰ চৰকাৰী বিদ্যালয় পৰিদৰ্শন কৰিব ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্পেও। দিল্লীৰ চৰকাৰী বিদ্যালয়ত উপস্থিত হৈ তেওঁ 'হেপীনেছ ক্লাছ'ত অংশ লোৱাৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে ভাৱ বিনিময় কৰি পাৰ কৰিব প্ৰায় এঘণ্টা সময়। মেলানীয়া ট্ৰাম্পৰ এই কাৰ্যসূচীক লৈ ইতিমধ্যে সাজু কৰি তোলা হৈছে দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহো।

লক্ষণীয়ভাৱে মেলানীয়া ট্ৰাম্পৰ চৰকাৰী ভ্ৰমণ কাৰ্যসূচীত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপ মুখ্যমন্ত্ৰী মণীষ চিছোদিয়াই উপস্থিত থাকি সংগ দিয়াৰ কথা আছিল যদিও পৰৱৰ্তী সময়ত দুয়োগৰাকীৰ নাম অভ্যৰ্থনাৰ তালিকাৰ পৰা বাতিল কৰা হৈছে বুলি জানিব পৰা গৈছে। দিল্লীৰ বিদ্যালয় ভ্ৰমণৰ সময়ত দিল্লীৰে মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী উপস্থিত নথকাৰ বাতৰিক লৈ ইতিমধ্যে দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

ইফালে এই সন্দৰ্ভত মাৰ্কিন দূতাবাসৰ এগৰাকী প্ৰবক্তাক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে মেলানীয়া ট্ৰাম্পৰ অভ্যৰ্থনাত দিল্লীৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ উপস্থিতিত তেওঁলোকৰ কোনো আপত্তি নাই। লগতে এয়া কোনো ৰাজনৈতিক কাৰ্যসূচী নহয় বুলিও মন্তব্য কৰে মাৰ্কিন দূতাবাসে।

প্ৰণিধানযোগ্য যে, ২০১৮ চনত দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আৰম্ভ কৰা হেপীনেছ ক্লাছত অংশ লৈ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময়ো কৰিব মেলানীয়া ট্ৰাম্পে। তেওঁ প্ৰায় এঘণ্টা সময় চৰকাৰী বিদ্যালয়ত পাৰ কৰিব। শৈক্ষিক আৰু আন্তঃগাঁঠনিৰ দিশত দেশৰ অন্য প্ৰান্তৰ চৰকাৰী বিদ্যালয়সমূহতকৈ যথেষ্ট উন্নত বুলি দিল্লী চৰকাৰে দাবী কৰা অহা দিল্লীৰ চৰকাৰী স্কুল পৰিদৰ্শনৰ বাবে মেলানীয়ে ট্ৰাম্পে নিজেই আগ্ৰহ ব্যক্ত কৰিছিল।

ইফালে মাৰ্কিন ফাৰ্ষ্ট লেডীৰ অভ্যৰ্থনা সমিতিৰ পৰা কেজৰিৱাল আৰু মণীষ চিছোদিয়াৰ নাম বাতিল কৰাক লৈ ক্ষোভ ব্যক্ত কৰিছে আম আদমী পাৰ্টীয়ে। এয়া কেন্দ্ৰত থকা বিজেপি চৰকাৰৰ এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰে আম আদমী পাৰ্টীৰ প্ৰৱক্তা সৌৰভ ভৰদ্বাজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in