শীতকালীন অলিম্পিকৰ পূৰ্বেই আৰম্ভ শীতল যুদ্ধ…

শীতকালীন অলিম্পিকৰ পূৰ্বেই আৰম্ভ শীতল যুদ্ধ…

ডিজিটেল ডেস্কঃ সমাগত শীতকালীন অলিম্পিক। চীনৰ বেইজিংত ২০২২ চনত অনুষ্ঠিত হ'ব শীতকালীন অলিম্পিক। শীতকালীন অলিম্পিকলৈ মাজত মাত্ৰ এটা বছৰ থকাৰ সময়তে আয়োজক চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত আৰম্ভ হৈছে শীতল যুদ্ধ। দুয়ো দেশে আৰম্ভ কৰিছে বাক বিতন্দা।

আমেৰিকা যুক্ত ৰাষ্ট্ৰই বেইজিংৰ শীতকালীন অলিম্পিক বৰ্জনৰ হুংকাৰ দিছে। যুক্তৰাষ্টৰ ফালৰ পৰা শতীকালীন অলিম্পিকত কূটনৈতিক বৰ্জন ঘোষণা কৰিছে। এই ঘোষণাৰ পাছতে চীনে আমেৰিকাক উভতি ধৰিছে। চীনৰ বৈদেশিক মন্ত্ৰালয়ে কৈছে যে "আমেৰিকাই এইদৰে কৰা ভুলৰ বাবে মূল্য পৰিশোধ কৰিব লাগিব।"

চীনৰ বৈদেশিক মন্ত্ৰালয়ে কৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সিদ্ধান্ত "কেৱল এটা ষড়যন্ত্ৰ যি বিফল হ'ব।"চীনে আৰু কৈছে যে আমেৰিকাৰ মন্তব্যই কেৱল দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক আলোচনা আৰু বিভিন্ন ক্ষেত্ৰত সহযোগিতাত ক্ষতি কৰিব। একে সময়তে চীনে প্ৰতিশোধ লোৱাৰো সতৰ্কবাণী দিছে। চীনে কৈছে যে আমেৰিকাই কেৱল বেইজিং শীতকালীন অলিম্পিকত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয় হোৱাইট হাউছে কেইদিনমানৰ পূৰ্বে কৈছিল যে চীনত মানৱ অধিকাৰ উলংঘনে উদ্বেগ সৃষ্টি কৰিছে। যাৰ বাবে শীতকালীন  অলিম্পিকত আমেৰিকাৰ ফালৰ পৰা কোনো আনুষ্ঠানিক প্ৰতিনিধিৰ দল প্ৰেৰণ কৰা নহয়।অৱশ্যে, এইটো স্পষ্ট কৰা হৈছে যে আমেৰিকান খেলুৱৈসকলে এই মেগা ইভেণ্টত অংশগ্ৰহণ কৰিব পাৰিব আৰু সম্পূৰ্ণ চৰকাৰী সমৰ্থন লাভ কৰিব।

ৱাশ্বিংটনৰ চীনা দূতাবাসে আমেৰিকাই বেইজিং অলিম্পিক বৰ্জনৰ হুংকাৰক নিজে সৃষ্টি কৰা এক চমৎকাৰ বুলি অভিহিত কৰিছে। ৰাষ্ট্ৰসংঘত চীনা মিছনৰ এজন মুখপাত্ৰই এক বিবৃতিত কৈছে যে,  "আমেৰিকা যুক্তৰাষ্ট্ৰই কেৱল খেলসমূহৰ ৰাজনীতি কৰিব বিচাৰে যাতে বিভাজন সৃষ্টি হয় আৰু সংঘৰ্ষ বৃদ্ধি পায়।"

ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছতেই  নিউজিলেণ্ডেও চৰকাৰী পৰ্যায়ত শীতকালীন অলিম্পিকলৈ কূটনৈতিক প্ৰতিনিধি প্ৰেৰণ নকৰাৰ কথা ঘোষণা কৰিছে। মঙলবাৰে, দেশখনৰ উপ-প্ৰধানমন্ত্ৰী গ্ৰাণ্ট ৰবাৰ্টচনে এই সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰিছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৯৮০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই মস্কো অলিম্পিকৰ পৰা নিজ দেশৰ খেলুৱৈসকলক স্বদেশলৈ ঘূৰাই আনিছিল। আমেৰিকাই আফগানিস্তানৰ ওপৰত ছোভিয়েট ইউনিয়নৰ আক্ৰমণৰ প্ৰতিবাদত এই পদক্ষেপ গ্ৰহণ কৰিছিল।ইয়াৰ বিপৰীতে ছোভিয়েট ইউনিয়নে ১৯৮৪ চনত লছ এঞ্জেলছত হোৱা গ্ৰীষ্মকালীন অলিম্পিক বৰ্জন কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in