#MeToo: সংস্কাৰী বাবুৰ বিৰুদ্ধে গাড়ীতে বলাৎকাৰৰ অভিযোগ বিন্তা নন্দাৰ

#MeToo: সংস্কাৰী বাবুৰ বিৰুদ্ধে গাড়ীতে বলাৎকাৰৰ অভিযোগ বিন্তা নন্দাৰ

ডিজিটেল ডেস্কঃ 'বলাৎকাৰ কৰিছে চাগৈ, কিন্তু মই নহয়, আন কোনোৱে কৰিছে।'- #MeTooক লৈ এনেদৰেই এতিয়া গৰম হৈ পৰিছে বলীউদ। পোহৰলৈ আহিছে বহু পুৰণি কথা।

নানা পাটেকাৰৰ বিৰুদ্ধে অভিনেত্ৰী তনুশ্ৰীয়ে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পাছত এইবাৰ আন এজন বিশিষ্ট অভিনেতাৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগ। অভিযোগ সন্দৰ্ভত এনে মন্তব্যৰে নিজকে ৰক্ষণাবেক্ষণৰ চেষ্টা চলাইছে বিশিষ্ট অভিনেতাজনে।

হিন্দী ছবিজগতত এজন সংস্কাৰী পিতৃ হিচাপে চিনাকি লাভ কৰা আলোক নাথৰ বিৰুদ্ধে বিৰুদ্ধে সহযোগী এগৰাকী মহিলা প্ৰযোজকে আনিলে এই অভিযোগ। ফেচবুকৰ এটা পষ্টৰ জৰিয়তে এই অভিযোগ আনিলে ৯০ দশকৰ সৰু পৰ্দাৰ জনপ্ৰিয় প্ৰযোজক তথা লেখিকা বিন্তা নন্দাই।

ফেচবুকত মুকলিকৈ তেওঁৰ সৈতে হোৱা নিৰ্যাতন বৰ্ণনা কৰিছে এনেদৰে, 'মোক এটা পাৰ্টীলৈ মতা হৈছিল। তেওঁৰ পত্নী সেইসময়ত চহৰৰ বাহিৰত আছিল। পূৰ্বতেও আমাৰ ছিৰিয়েলৰ কলা-কুশলী মিলি এনে পাৰ্টি আয়োজন কৰা হয়।'

'পাৰ্টিত মই খোৱা শীতল পানীয়ত কিছু নিচাযুক্ত দ্ৰব্য মিহলোৱা হৈছিল। পাৰ্টিৰ পাছতে মই ঘৰলৈ উভতিব খুজিছিলো, সেইসময়তে তেওঁ আহি মোক গাড়ীৰে ঘৰত থৈ অহাৰ প্ৰস্তাৱ দিছিল। মোৰ তেওঁৰ ওপৰত বিশ্বাস আছিল বাবেই মই গাড়ীত বহিলো।'- প্ৰযোজক গৰাকীয়ে ফেচবুক পোষ্টত লিখিছে।

'পাছদিনা দুপৰীয়া শুই উঠি মই শৰীৰত প্ৰচণ্ড বিষ অনুভৱ কৰিছিলো আৰু নিশ্চিত হৈছিলো যে মোক গাড়ীৰ বলাৎকাৰ কৰা হৈছে।'- ঘটনাতো ১৯৯৪ চনত ধাৰাবাহিক 'তাৰা'ৰ শ্বুটিংৰ সময়ত সংঘটিত হৈছিল বুলিও প্ৰকাশ কৰে প্ৰযোজক গৰাকীয়ে। বিন্তা নন্দাই আলোক নাথৰ নাম পোষ্টটোত উল্লেখ কৰা নাই যদিও সংস্কাৰী শব্দটো প্ৰয়োগ কৰিয়ে এই ঘটনাৰ বৰ্ণনা কৰিছে।

এই সন্দৰ্ভত আলোক নাথে সংবাদ মাধ্যমৰ সন্মুখত কয়, 'আজিৰ দিনত যিকোনো মহিলাই কোনো পুৰুষৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে, এনে কথাত পুৰুষে কোনো কথা কোৱাতো মই উচিত বুলি নাভাৱো।'

'তেওঁক মই ভালদৰেই জানো। তেওঁৰো কথা কোৱাৰ অধিকাৰ আছে। এই সময়ত এই বিষয়ত মই কোনো মন্তব্য নিদিও। সময়ত সকলো পোহৰলৈ আহিব।' অভিনেতাগৰাকীয়ে লগতে কয়। প্ৰায় ২০ বছৰৰ পাছত নিৰ্যাতনৰ অভিযোগ অনাক লৈ বহুতে সমালোচনাও কৰিছে প্ৰযোজক বিন্তা নন্দাক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in