লামডিঙত অসম ভিত্তিত শক্তি উত্তোলন আৰু পাঞ্জা প্ৰতিযোগিতাৰ সফল সমাপ্তি…

লামডিঙত অসম ভিত্তিত শক্তি উত্তোলন আৰু পাঞ্জা প্ৰতিযোগিতাৰ সফল সমাপ্তি…

ডিজিটেল সংবাদ লামডিঙঃ হোজাই জিলাৰ অন্তৰ্গত লামডিঙ ৰে'ল নগৰীত আজি এখনি ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ হোজাই জিলাৰ শক্তি উত্তোলন সন্থা আৰু লামডিঙ লিঅপাৰ্ড জীমৰ উদ্যোগত লামডিঙ ৰেলৱে ইনষ্টিটিউটত আজি অসম ভিত্তিত শক্তি উত্তোলন আৰু পাঞ্জা প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

উক্ত প্ৰতিযোগিতাখনত হোজাই, শিৱসাগৰ, বাক্সা ,নগাঁও, গুৱাহাটীকে ধৰি অসমৰ মুঠ ৭খন জিলাৰ প্ৰতিযোগি সকলে অংশগ্ৰহন কৰে ৷ শক্তি উত্তোলন আৰু পাঞ্জা ক্ৰীড়া প্ৰতিযোগিতাখনৰ বিভিন্ন বিভাগত পুৰুষ মহিলাই অংশগ্ৰহন কৰে ৷ মহিলা-পুৰুষসহ ৭০ৰো অধিক খেলুৱৈয়ে ভাগ লয় এই প্ৰতিযোগিতাখনত ৷

বিগত ১২ বছৰৰো অধিক সময়ছোৱা পাৰ হোৱাৰ পিছত পুনৰবাৰ লামডিঙত অসম ভিত্তিত শক্তি উত্তোলনৰ লগতে পাঞ্জা প্ৰতিযোগিতা অনুষ্ঠিত হোৱাত লামডিঙৰ খেলুৱৈসকলৰ লগতে ৰাইজো উৎফুলিত হৈ পৰা পৰিলক্ষিত হয় ৷ আজি প্ৰতিযোগিতাখনৰ বিচাৰক তথা ৰেফাৰি হিচাপে থাকে অসম ক্ৰীড়া শক্তি উত্তোলন সন্থাৰ নেতৃবৃন্দ ৷

শক্তি উত্তোলন প্ৰতিযোগিতাৰ ষ্ট্ৰং মেন খিতাপ অৰ্জন কৰে কামৰূপৰ আদিত্য জ্যোতি শইকীয়াই আৰু মহিলাৰ শাখাত ষ্ট্ৰং অ'মেন খিতাপ অৰ্জন কৰে লামডিঙৰ ৰিয়া ওৰফে বেবী সাহাই ৷ আনফালে পাঞ্জা প্ৰতিযোগিতাত ষ্ট্ৰং মেন খিতাপ অৰ্জন কৰে গুৱাহাটীৰ বিশ্বজিৎ দলে আৰু মহিলা শাখাত ষ্ট্ৰং অ'মেন খিতাপ অৰ্জন কৰে নগাঁৱৰ কাশ্মিৰী কাশ্যপে ৷

খিতাপ অৰ্জন কৰা খেলুৱৈসকলৰ লগতে বিভিন্ন বিভাগত অংশগ্ৰহন কৰি প্ৰথম, দ্বিতীয়, স্থান প্ৰাপ্ত প্ৰতিযোগী সকলক নগদ ধনসহ মেডেল আৰু পুৰস্কাৰ প্ৰদান কৰা হয় ৷ সফলতাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাত লামডিঙ শৰীৰ চৰ্চা সন্থাই সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ লগতে লিঅ'পাৰ্ড জীমৰ স্বতাধীকাৰ ৰুবী দাস আৰু অৰূপ দেয়েৰ লগতে সদস্য,সদস্যা সকলে সহায় সহযোগিতা আগবঢ়াই ৷

লামডিঙত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত বিশিষ্ট অতিথি হিচাপে লামডিঙ সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় শক্তি উত্তোলন খেলুৱৈ ফনিভূষন চক্ৰৱৰ্তী, মিষ্টাৰ ইউনিভাৰ্চ গল্ড মেডেলিষ্ট প্ৰসেনজিৎ কৰ্মকাৰ, ৰাষ্ট্ৰীয় গল্ড মেডেলিষ্ট আজাদ বাচফৰ, মিষ্টাৰ অসম জুনিয়ৰ ৰাজদ্বীপ দেৱ, অসম ক্ৰীড়া শক্তি উত্তোলন সন্থা, লামডিঙ আৰক্ষী থানাৰ সমৰ ধৰ, ভাৰপ্ৰাপ্ত বিষয়া চন্দনজ্যোতি বৰা, এপিটিএফৰ বিষয়া ফাইজ আহমেদ বৰভূঞাকে ধৰি লামডিঙ ৰেলৱে আৰক্ষী প্ৰশাসনৰো বিষয়া সকল উপস্থিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in