সদৌ অসম সংবাদকৰ্মী সন্থাৰ বিশেষ সাধাৰণ সভা…

সদৌ অসম সংবাদকৰ্মী সন্থাৰ বিশেষ সাধাৰণ সভা…

ডিজিটেল ডেস্কঃ দেওবাৰে সদৌ অসম সংবাদকৰ্মী সন্থাৰ এখন বিশেষ সাধাৰণ সভা চানমাৰীৰ পেন্সনাৰ ভৱনত অনুষ্ঠিত হয়। বহু সংখ্যক সংবাদকৰ্মীৰ উপস্থিতিত পুৱা ১০ বজাত পতাকা উত্তোলন কৰে সন্থাৰ সভাপতিগৰাকীয়ে। বন্তি প্ৰজ্বলন তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে জ্যেষ্ঠ সদস্য ৰবীন্দ্ৰ শৰ্মাই। সন্থাৰ কাৰ্যকৰী সভাপতি সুদীপ্ত সৰকাৰে বিগত সময়চোৱাত সন্থাৰ বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত বিতং তথ্য দাঙি ধৰে।

ইফালে, সভাত ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে তেওঁৰ বক্তব্যত কয়- সংবাদকৰ্মীসকলৰ সমস্যা সন্দৰ্ভত তেওঁ পূৰ্বতে অৱগত নাছিল। সন্থাৰ সৌজন্যমূলক সাক্ষাৎকাৰৰ পিচতহে সংবাদকৰ্মীসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে জানিব পাৰে। তেওঁ স্বভাৱসিদ্ধ ৰসাল বক্তব্যৰ বাস্তৱসন্মত মন্তব্য আগবঢ়ায়। আনহাতে, অধিবক্তা কিশোৰ কুমাৰ কলিতাই নিৰ্দিষ্ট বক্তা হিচাপে সাংবাদিক, সংবাদকৰ্মীসকলৰ আইনৰ সুৰক্ষাৰ তথ্যভিত্তিক ব্যৱস্থাবোৰৰ খথা উল্লেখ কৰে।

উল্লেখ্য যে, আজিৰ সভাত ৰামচন্দ্ৰ মেধি, গকুল তালুকদাৰ, দিপুল শৰ্মা, প্ৰবীণ কলিতা, তপন শৰ্মা, শ্যামল ৰাহা, হীৰেন কলিতা আদি বহু কেইজনে বক্তব্য আগবঢ়ায়। সভাপতি মনোজ মোহন দত্তই বক্তাসকলে আগবঢ়োৱা ভাষণৰ এক বিশ্লেষণাত্মক বক্তব্য দাঙি ধৰে আৰু সকলো সতীৰ্থকে একেখন পতাকাৰ তলত একগোট হৈ নিজৰ অধিকাৰ ৰক্ষাৰ সংগ্ৰামত ব্ৰতী হ'বলৈ আহ্বান জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in