ঢকুৱাখনাৰ বিভিন্ন স্থানত আলি আঃয়ে লৃগাঙৰ ব্যাপক প্ৰস্তুতি

ঢকুৱাখনাৰ বিভিন্ন স্থানত আলি আঃয়ে লৃগাঙৰ ব্যাপক প্ৰস্তুতি

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিছিং সকলৰ কৃষি ভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং আয়োজনক লৈ মিচিং অধ্যুষিত অঞ্চল সমূহত এতিয়া ব্যাপক উচাহৰ ঢল বৈছে। পৰম্পৰাগতভাৱে মিচিং জনগোষ্ঠীৰ লোকসকলে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে উদযাপন কৰে এই কৃষি ভিত্তিক উৎসৱটি।

এইক্ষেত্ৰত উজনি অসমৰ ভিন্ন প্ৰান্তৰ মিছিং ৰাইজৰ লগতে ঢকুৱাখনা মহকুমাৰ বিভিন্ন স্থানত লৃগাং উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে। বিশেষকৈ ঢকুৱাখনাৰ মাতমৰা, মদাৰগুৰি, আমলখি, বগৰীগুৰি, দাংধৰা, ভোমা, যোগিসুতী, জাঁজী, বাঘচুক আদিৰ লগতে ঢকুৱাখনা নগৰত বাস কৰা মিচিং জনগোষ্ঠীৰ লোকসকলেও আয়োজন কৰিছে তেওঁলোকৰ পৰম্পৰাগত উৎসৱটি। ইয়াৰ বাবেই এতিয়া দেখা গৈছে মিচিং জীয়ৰী-বোৱাৰীয়ে ঢোলৰ তালে তালে নৃত্যৰ আখৰা চলাইছে গাঁওৰ পথাৰত।

লৃগাংলৈ মাজত মাথো এটা দিন বাকী থকা অৱস্থাত আলি আঃয়ে লৃগাং অনুষ্ঠিত কৰিবলৈ ঢকুৱাখনাৰ মৰনৈ বেবেজীয়া, আলিমূৰ বালিগাঁওতো আলি আঃয়ে লৃগাংৰ প্ৰস্তুতি তুংগত উঠিছে। লৃগাংলৈ মাজত মাথোঁ এটা দিন থকা মাজতে দেখা গৈছে একাংশ মহিলাই তৰাপাত সংগ্ৰহ আৰু ছাই আপং প্ৰস্তুত কৰাত ব্যস্ত থকাৰ সমান্তৰালভাৱে মুৰং ঘৰ নিৰ্মাণ কৰাত একাংশ পুৰুষ ব্যস্ত হৈ পৰিছে। তাৰ মাজে মাজে ঢোল-তালৰ মাতত কঁকাল ঘূৰাই নাচিছে মিচিং জীয়ৰী-বোৱাৰীসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in