এলবাৰ্ট আইনষ্টাইনৰ ১৪০সংখ্যক জন্মদিনঃ সফলতাৰ বাবে বিজ্ঞানীগৰাকীৰ সূত্ৰ ৫টা…

এলবাৰ্ট আইনষ্টাইনৰ ১৪০সংখ্যক জন্মদিনঃ সফলতাৰ বাবে বিজ্ঞানীগৰাকীৰ সূত্ৰ ৫টা…

ডিজিটেল ডেস্কঃ জাৰ্মানীত জন্ম লাভ কৰিছিল তাত্বিক পদাৰ্থ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে। ১৪ মাৰ্চ, ১৮৭৯চনত জন্ম লাভ কৰা মহা বিজ্ঞানী আইনষ্টাইনে নিজৰ জীৱনত বহু আৱিষ্কাৰ কৰি থৈ গৈছে। পদাৰ্থ বিজ্ঞান জগতখনৰ বহু সূত্ৰ এলবাৰ্ট আইনষ্টাইনে আৱিষ্কাৰ কৰাৰ বাবে তেওঁক ন'বেল বঁটাৰে পুৰস্কৃত কৰি হৈছিল। আৰু সেই মহা বিজ্ঞানী জনৰেই আজি ১৪০ সংখ্যক জন্মদিন।

পদাৰ্থ বিজ্ঞানৰ বিশেষ আপেক্ষিকতাবাদ তত্ত্বও (E= mc square) এলবাৰ্ট আইনষ্টাইনেই আগবঢ়াইছিল। ইয়াৰোপৰি এই মহান বিজ্ঞানীগৰাকীয়ে সেই সময়তে সৌৰজগত, মহাকাশৰৰ লগতে সূৰ্যৰ ৰশ্মিৰ গতিৰ ওপৰতো গৱেষণা কৰিছিল। সেয়েহে তেওঁক বিশ্বৰ আটাইতকৈ জ্ঞানী ব্যক্তিৰ শাৰীত ধৰা হয়।

জীৱনত সফলতাৰ চিৰিত বগাবলৈ বহু ব্যক্তিয়ে এলবাৰ্ট আইনষ্টাইনৰেই নিয়মবোৰ অনুসৰণ কৰে। ১৪০ সংখ্যক জন্মদিনটোত সফলতালৈ আগবাঢ়িবলৈ প্ৰায় লোকে ব্যৱহাৰ কৰা ৫টাকৈ এই বিজ্ঞানীগৰাকীৰ সূত্ৰ। যাক অনুশৰণ কৰিলে হয়তো আপুনিও সফলতাৰ শিখৰত থিয় দিব পাৰিব-

১. সফল ব্যক্তি হ'বলৈ চেষ্টা নকৰিব। তাৰ বিপৰীতে সুশৃংখল ব্যক্তি হ'বলৈ চেষ্টা কৰক।

২. কম মূল্য থকা আটাইবোৰ বস্তু গণিব পাৰি, কিন্তু অতি মূল্যবান কোনো বস্তুৱে গণিব নোৱাৰি।

৩. সকলো লোকেই জ্ঞানী। কিন্তু গছত গৰু উঠাৰ দৰে কথা কোৱা কোনো লোকে যদি আন এজনক এই কাম কৰিবলৈ সক্ষমতা নথকা বুলি কয়, তেন্তে গোটেই জীৱন দ্বিতীয় ব্যক্তিজনে নিজকে মূৰ্খ বুলি জ্ঞান কৰি থাকিব।

৪. জীৱনটো বাইচাইকেল সদৃশ। যেতিয়ালৈ চাইকেলখন চলি থাকে, তেতিয়ালৈ নপৰে।

৫. জীৱন নিৰ্বাহ কৰাৰ দুটাই পথ আছে। প্ৰথমটো হ'ল- এনেদৰে জীৱনত কৰ্ম কৰিব লাগে যাতে কোনো আচৰিত ঘটনা সংঘটিত হয়। দ্বিতীয়টো হ'ল- জীৱনত যি যি সংঘটিত হয়, সেই সকলোবোৰে একো একোটা আচৰিত ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in