শেহতীয়া খবৰ
চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...  •  জম্মু-কাশ্মীৰত চলোৱা অভিযানৰ বাবে দোষী ভাৰতীয় সেনা জোৱান! তদন্তৰ নিৰ্দেশ...  •  দৰঙত জাৰি ১৪৪ ধাৰা...  •  ঝাৰখণ্ডত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, VIDEO  •  ধেমাজি জলসম্পদ বিভাগৰ গাফিলতি বাবেই ছিগিল ৰতুৱা মথাউৰি!...

বলিউডৰ ‘খিলাড়ী’ অক্ষয় কুমাৰৰ জন্মদিন…

116

ডিজিটেল ডেস্কঃ বলিউডৰ খিলাড়ী অক্ষয় কুমাৰে বুধবাৰে উদযাপন কৰে জন্মদিন। ১৯৬৭চনৰ ৯ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা অভিনেতাগৰাকীয়ে বুধবাৰে ৫৩ বছৰ অতিক্ৰম কৰিলে। ৰাজীৱ হৰি ওম ভাটিয়া নামৰ যুৱকজনে এদিন বলিউডৰ জগতলৈ আহি নিজৰ নাম অক্ষয় কুমাৰ নামেৰে নামাকৰণ কৰে। আৰু বৰ্তমান এই নামটো ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে পৰিচিত।

বলিউডৰ ছুপাৰহিট অভিনেতা অক্ষয় কুমাৰে ১৬খনকৈ ফ্লপ ছবিৰ পাছতো হাৰ মানি লোৱা নাছিল। আৰু বৰ্তমান সময়ত তেওঁ এজন আগশাৰীৰ অভিনেতা। অক্ষয় কুমাৰে শেহতীয়াকৈ এটা সাক্ষাৎকাৰত কয়- ‘এই ফিল্ম ইণ্ডাষ্ট্ৰীত আপুনি অভিনেতা ১৯-২০ হ’লেও চলিব, কিন্তু মানুহ হিচাপে ভাল হ’ব লাগিব।’

ৰাউডী ৰাথৌৰ, হেৰা ফেৰী, ফিৰ হেৰা ফেৰী, হলি ডে’, এয়াৰলিফ্ট, মংগল মিছন, কেছেৰী, গুড নিউজ, টয়লেট, বেবী, জলী এল এল বি, ভুল ভুলেয়া, নমস্তে লণ্ডৰ দৰে হিট ছবি দৰ্শকক উপহাৰ দিয়া অক্ষয় কুমাৰৰ জন্মদিনত অগণন গুণমুগ্ধই জনাইছে শুভেচ্ছা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি