শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

খিলাড়ী কুমাৰক নকল কৰিলে ‘আয়ৰন মেনে’! ভাইৰেল টুইট…

873

ডিজিটেল ডেস্কঃ এই কেইদিন সকলোতে কেৱল মাৰ্ৱেল ষ্টুডিঅ’ৰ ছবি ‘এভেঞ্জাৰ্ছ এণ্ডগেম’ৰ চৰ্চা। লগতে খুবেই ভাইৰেল হৈ পৰিছে অক্ষয় কুমাৰৰ এটা টুইট। এখন ফটো অক্ষয় কুমাৰ টুইটাৰযোগে টুইট কৰিছে, যিখন ছবি চোৱাৰ পাছত এভেঞ্জাৰ্ছৰ প্ৰতিজন অনুগামীয়ে শ্বেয়াৰ কৰিছে টুইটটো। ছবিখনত হলিউদ ছুপাৰষ্টাৰ ৰবাৰ্ট ডাওনী জুনিয়ৰ অৰ্থাৎ আয়ৰন মেনে বলিউদৰ খিলাড়ী অক্ষয় কুমাৰৰ দৰে কাপোৰ পৰিধান কৰা পৰিলক্ষিত হৈছে।

হলিউদৰ অভিনেতাগৰাকীয়ে অক্ষয় কুমাৰে পৰিধান কৰাৰ দৰে একেই টায় পিন্ধিছে। ছবিখন চোৱাৰ পাছত এনে লাগে যেন কেৱল দেখিবলৈ একে নহয়, একেটা টায় দুয়োগৰাকী অভিনেতাই পৰিধান কৰিছে। ইফালে, অক্ষয় কুমাৰ টুইটটোত লিখিছে- ‘যেতিয়া আয়ৰন মেনে হুবহু আপোনাৰ দৰে টায় পৰিধান কৰে। কোনে বেছি ভালকৈ পিন্ধিছে?’ লগতে তেওঁ এভেঞ্জাৰ্ছ এণ্ডগেম ছবিখনৰো প্ৰশংসা কৰিছে টুইটটোত।

উল্লেখ্য যে, শুকুৰবাৰে ভাৰতৰ ছবিগৃহত মুক্তি পোৱা ছবিখনে সৰ্বাধিক ধন উপাৰ্জন কৰিছে। মাত্ৰ দুদিনৰ ভিতৰত ১২৪ কোটি টকা উপাৰ্জন কৰিছে ছবিখনে। সেই ছবিখনৰ আয়ৰন মেনৰ চৰিত্ৰ অভিনয় কৰা ছুপাৰষ্টাৰ ৰবাৰ্ট ডাওনী জুনিয়ৰে অক্ষয় কুমাৰৰ দৰে টায় পৰিধান কৰাটোও গৌৰৱৰেই কথা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি