আক্ৰাছুৱে মানি নলয় বিসংগতিপূৰ্ণ চূড়ান্ত এন আৰ চি তালিকা, ৰৌতাত আক্ৰাছু(অ)ৰ সংবাদমেল…

আক্ৰাছুৱে মানি নলয় বিসংগতিপূৰ্ণ চূড়ান্ত এন আৰ চি তালিকা, ৰৌতাত আক্ৰাছু(অ)ৰ সংবাদমেল…

ডিজিটেল সংবাদ, ওদালগুৰিঃ শনিবাৰে ৰাজ্যজুৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ পাছতে সমগ্ৰ ৰাজ্যখনৰে বিভিন্ন দল-সংগঠনে তালিকাখনক লৈ প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। ইয়াৰ মাজতে আজি ওদালগুৰিৰ ৰৌতাত এনআৰচিৰ চূড়ান্ত তালিকাত থকা আসোৱাঁহ সম্পৰ্কে এক সংবাদমেল অনুষ্ঠিত কৰে সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু(অ)ৰ কেন্দ্ৰীয় সমিতিয়ে।

সংগঠনটোৰ ৰৌতাস্থিত মূখ্য কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলত সংগঠনটোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইখন এনআৰচিক কেতিয়াও মানি লোৱা নহব বুলি সকীয়াই দিয়ে। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি অতুল বৰ্মনে এই আসোৱাহপূৰ্ণ এনআৰচিখন নতুনকৈ প্ৰস্তুতৰো দাবী উত্থাপন কৰে। তেওঁ কয় যে সমগ্ৰ ৰাজ্যৱাসীয়ে অসমখনৰ ৰক্ষাৰ স্বাৰ্থত চৰকাৰখনে এখন শুদ্ধ, বিদেশীমুক্ত এনআৰচি জনসাধাৰণক উপহাৰ দিব বুলি আশা প্ৰকাশ কৰি আছিল যদিও প্ৰকৃতাৰ্থত এয়া এক চৰকাৰৰ ভেকোভাওনালৈ পৰিণত হৈছে।

অসমৰ ৰাইজে এখন জাতীয় দলিলৰ আশাত থকাৰ সময়ত চৰকাৰখনে ৰাইজক এখন জাতিধ্বংসী দলিল প্ৰদান কৰা বুলি তেওঁ চৰকাৰক কতাক্ষ কৰে। তালিকাখনত প্ৰকৃতাৰ্থে যিসকল ভুমিপুত্ৰৰ নাম অন্তৰ্ভুক্ত হব লাগিছিল সেই সকলৰ নাম অন্তৰ্ভুক্ত নহৈ যিসকলৰ নাম অন্তৰ্ভুক্ত হব নালাগিছিল তেনে লোকৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি বৰ্মণে বিষ্ফোৰক মন্তব্য প্ৰকাশ কৰে। কোচ ৰাজবংশী জনগোষ্ঠীটোৰ কথা উল্লেখ কৰি সভাপতি গৰাকীয়ে কয় যে যিটো জাতিয়ে বৃটিছ শাসনৰ পূৰ্ৱৰে পৰা বসবাস কৰি আছিল সেই জাতিৰ লোকসকলৰ নাম এনআৰচিৰ তালিকাৰ পৰা কৰ্তন হোৱাটো অতিকৈ দুৰ্ভাগ্যজনক। উপযুক্ত প্ৰমাণপত্ৰ হাতত মজুত থকাৰ পাছতো একাংশ কোচ-ৰাজবংশী লোকক ডিভোটাৰ সজাই হাৰাশাস্তি কৰি আহিছে চৰকাৰে।

ডি ভোটাৰ সমস্যা সমাধানৰ নামত এগৰাকী সাধাৰণ লোকক ২০-৩০ হাজাৰ টকা দাবী কৰা বুলিও উল্লেখ কৰে। জনগোষ্ঠীটোৰ অতি দৰিদ্ৰ লোকসকলে নিজৰ ঘৰ-মাটি বিক্ৰী কৰি ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ দহ-বাৰবাৰ শুনানিৰ বাবে দৌৰিবলগীয়া হোৱাৰ পাছতো সেইসকল লোক এতিয়া মানসিকভাৱে ভাগি পৰিছে। সেয়েহে চৰকাৰখনে শীঘ্ৰে ডিভোটাৰৰ সমস্যা সমাধান কৰি এইসকল থলুৱা লোকৰ নাম এনআৰচিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰে।

ইফালে এনআৰচিৰ পৰা বাদ পৰা লোকসকল ১২০ দিনৰ ভিতৰত বিদেশী ন্যায়াধীকৰণত ওচৰত গৈ দাবী জনোৱাৰ প্ৰক্ৰিয়াক সংগঠনটোৱে প্ৰত্যাহ্বান জনাই দৰিদ্ৰ কোচ-ৰাজবংশী লোকসকলৰ এজনকো বিদেশী ন্যায়ধীকৰণৰ ওচৰলৈ নোযোৱাৰ হুংকাৰ দিয়ে। ইয়াৰ পৰিৱৰ্তে পৰিৱৰ্তে গাৱেঁ গাৱেঁ শিবিৰ পাতি এনআৰচিৰ বিভাগীয় বিষয়াক খিলঞ্জীয়া সকলৰ নথি-পত্ৰ পৰীক্ষা কৰি তেওঁলোকৰ নাম বিনাচৰ্তে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তালিকাত অন্তৰ্ভূক্ত কৰিবলৈ দাবী জনায়।

সংবাদমেলত উপস্থিত থকা সংগঠনটোৰ কেন্দ্ৰীয় উপদেষ্টা সমীৰন সিংহই এনআৰচিত কোচ ৰাজবংশী লোকসকলৰ উপযুক্ত নথি থকাৰ পিছতো কিয় নাম নাহিল বুলি প্ৰশ্ন কৰি সমগ্ৰ এনআৰচি প্ৰক্ৰিয়াত জৰিত একাংশ বিষয়াৰ গাফিলতিৰ বাবে এনে ধৰণৰ বিসংগতিপূৰ্ণ তালিকা প্ৰকাশ হোৱা বুলি অভিযোগ কৰে। কোচ-ৰাজবংশী লোকসকল অসমৰ এক অবিচ্ছেদ্য অংশ বুলি উল্লেখ কৰি এই জনগোষ্ঠীটো অৱিহনে কেতিয়াও এনআৰচি সম্পূৰ্ণ হব নোৱাৰে বুলি উপদেষ্টা গৰাকীয়ে দাবী কৰে।

আনহাতে সংবাদমেলত উপস্থিত থাকি সদৌ অসম কোচ ৰাজবংশী মহিলা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী মনিকা ৰায় আৰু সম্পাদীকা দিপালী ৰাজবংশীয়ে চৰকাৰ তথা এনআৰচি কৰ্তৃপক্ষক তীব্ৰ ভাষাৰে সমালোচনা কৰে। তেওঁলোকে কয় যে এগৰাকী সন্তানৰ নাম এনআৰচিৰ তালিকাত প্ৰকাশ পোৱাৰ পাছত কিহৰ বাবে সেই সন্তানৰ পিতৃ-মাতৃৰ নাম তালিকাত অন্তৰ্ভুক্ত নহয়? ১২০ দিনৰ পূৰ্ৱে এই তালিকাত কোচ ৰাজবংশী লোকসকলৰ নাম অন্তৰ্ভুক্ত নহ'লে এইবাৰ জনগোষ্ঠীটোৰ মহিলাসকল ওলাই আহি ভয়ংকৰ গণতান্ত্ৰিক আন্দোলনৰ লগতে জীৱন ত্যাগৰ হুংকাৰ প্ৰদান কৰে।

সংবাদ মেলৰ অন্তত উক্ত স্থানত সমৱেত হোৱা এনআৰচিৰ পৰা বঞ্চিত শ-শ কোচ-ৰাজবংশীৰ লোকসকলে প্ৰতীক হাজেলা মুৰ্দাবাদ, এনআৰচি কৰ্তৃপক্ষ মুৰ্দাবাদ, কেন্দ্ৰীয়-ৰাজ্য চৰকাৰ হায় হায় শ্লোগান প্ৰদান কৰি পৰিৱেশ উত্তাল কৰি তোলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in