কমতাপুৰ অট’ন’মাছ কাউঞ্চিল বিলৰ বিৰুদ্ধে পানেৰীত আক্ৰাছুৰ প্ৰতিবাদ…

কমতাপুৰ অট’ন’মাছ কাউঞ্চিল বিলৰ বিৰুদ্ধে পানেৰীত আক্ৰাছুৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ, টংলা: অসম চৰকাৰে বিধানসভাত ৰাজ্যখনৰ সীমিত পৰিসৰৰ কোচ ৰাজবংশী জনগোষ্ঠীক সামৰি দাখিল কৰা কমতাপুৰ অট'ন'মাছ কাউঞ্চিল বিলৰ প্ৰতিবাদত জাঙুৰ খাই উঠিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা(প) সমিতি৷ ওদালগুৰি জিলা আক্ৰাছুৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে- হেমন্ত বৰা কোচ আৰু মুকুণ্ড ডেকাৰ নেতৃত্বত আৰু পানেৰী আঞ্চলিক আক্ৰাছু, মূল-যুৱ-মহিলা সন্মিলনী আৰু চিলাৰায় সেনাৰ সহযোগত কেইবা শতাধিক কৰ্মকৰ্তাই হাতে হাতে বেনাৰ, প্লে'কাৰ্ড লৈ জিলাখনৰ পানেৰীৰ ওদালগুৰি-তামোলপুৰ গড়কাপ্তানি পথত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে৷

কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনগোষ্ঠীটোৰ জনজাতিকৰণৰ দাবীক নাস্যাৎ কৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ মাজত বিভাজনৰ ৰাজনীতি কৰি সীমিত পৰিসৰৰ কোচ ৰাজবংশী ৰাইজক সামৰি কমতাপুৰ অট'নমাছ কাউঞ্চিল গঠনৰ ষড়যন্ত্ৰক ওদালগুৰি জিলা আক্ৰাছুৱে কেতিয়াও মানি নলয় বুলি দৃঢ়তাৰে কয়৷ আক্ৰাছুৰ নেতৃত্বত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা কৰ্মকৰ্তাসকলে ন' কমতাপুৰ ন' ৰেষ্ট, ন' এছ টি ন' ৰেষ্ট, সৰ্বানন্দ সোণোৱাল হুঁচিয়াৰ, বিজেপি গ' বেক্‌, হিমন্ত বিশ্ব শৰ্মা গ' বেক্‌, চন্দন ব্ৰহ্ম হায় হায় আদি শ্ল'গানেৰে পানেৰী চাৰিআলিৰ আকাশ-বতাহ কঁপাই তোলে ৷

প্ৰতিবাদী কাৰ্যসূচীত আক্ৰাছু নেতা হেমন্ত বৰা কোচ, মুকুণ্ড ডেকা, নয়ন ডেকা আদিয়ে কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবীক উলাই কৰি গঠন কৰিবলৈ লোৱা কে এ চি য়ে জনগোষ্ঠীটোৰ উপকাৰ সাধন নকৰে৷ সময় থাকোতেই অসম চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ নকৰিলে কোচ ৰাজবংশী ৰাইজে সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনত ওদালগুৰি জিলাত বিজেপি দলক উচিত প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ'ব বুলি দলটোক সকিয়াই দিয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in