হিমন্তই নহয়! কংগ্ৰেছক বিপদত পেলাইছে অখিলেও...

এফালে বিজেপিয়ে আৰু আনফালে কাষতে থাকি ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে কংগ্ৰেছত ভেঁটিত সিন্ধি খান্দিছে। বুধবাৰে সেই কথা স্পষ্ট হ’ল অসম বিধানসভাত। সদনৰ কাম-কাজ আৰম্ভ হোৱাৰ সময়তে বিধানসভাৰ অধ্যক্ষ বিশ্বজিত

author-image
Asomiya Pratidin
New Update
b30949ba-7405-454d-9d62-56ea19c07b5a

আগন্তুক নিৰ্বাচনত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা যে হ'ব, সেই আশা অতি ক্ষীণ। কিয়নো ইতিমধ্যে কংগ্ৰেছৰ দুগৰাকী বিধায়কক নিজৰ দলত যোগদান কৰোৱাই শক্তি বৃদ্ধি কৰিছে অখিল গগৈয়ে। এই কাৰ্যত তলে তলে ক্ষুন্ন হৈ পৰিছিল কংগ্ৰেছ। তাৰ বহিঃপ্ৰকাশ ঘটিল বুধবাৰৰ বিধানসভাৰ মজিয়াত। সবিশেষ সামৰি অমসীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...

এফালে বিজেপিয়ে আৰু আনফালে কাষতে থাকি ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে কংগ্ৰেছত ভেঁটিত সিন্ধি খান্দিছে। বুধবাৰে সেই কথা স্পষ্ট হ’ল অসম বিধানসভাত। সদনৰ কাম-কাজ আৰম্ভ হোৱাৰ সময়তে বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীক উদ্দেশ্যি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই থিয় হৈ দৃষ্টি আকৰ্ষণ কৰে।

অধ্যক্ষক তেওঁ জনায় যে, কংগ্ৰেছ দলৰ তৰফৰ পৰা অধ্যক্ষ দৈমাৰীক সম্বোধন কৰি দুখ আবেদন পত্ৰ দাখিল কৰিছে। সেই পত্ৰত দাবী কৰা অনুসৰি, ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ কৰে শইকীয়াই। অধ্যক্ষ দৈমাৰীয়ে পত্ৰ কেইখন পোৱাৰ কথা উল্লেখ কৰি সেই বিষয়ত ব্যৱস্থা গ্ৰহণৰ বাবে বিষয়টো পৰীক্ষাৰ বাবে বিধানসভাৰ সচিবালয়ৰ সচিবক দিয়া বুলি জানিবলৈ দিয়ে।

অধ্যক্ষৰ উত্তৰত সন্তুষ্ট নহৈ দেৱব্ৰত শইকীয়াই কয় চিডুল-১০ৰ নিয়ম অনুসৰি কংগ্ৰেছৰ দুজন বিধায়কৰ বিৰুদ্ধে অধ্যক্ষই ব্যৱস্থা গ্ৰহণ কৰিব লাগে। দুয়োজন বিধায়কক দলবিৰোধী আইনৰ অধীনত বিধানসভাৰ পৰা নিলম্বন কৰিবলৈ দাবী তোলে শইকীয়াই। তেওঁ এই প্ৰস্তাৱক কংগ্ৰেছৰ আন বিধায়কসকলেও সমৰ্থন জনায়।

উল্লেখযোগ্য যে, কংগ্ৰেছৰ দুই বিধায়ক আব্দুল ৰছিদ মণ্ডল আৰু শ্বেৰমান আলীয়ে শেহতীয়াকৈ ৰাইজৰ দলত যোগদান কৰিছিল। কংগ্ৰেছৰ প্ৰতীক চিহ্নত জিকি এতিয়া তেওঁলোকে কেনেকৈ এই সদনত ৰাইজৰ দলৰ বিধায়ক হৈ বহিব, তাক লৈ প্ৰশ্ন তোলে কংগ্ৰেছৰ বিধায়কসকলে। 

এই সন্দৰ্ভত এক দীঘলীয়া প্ৰত্যুত্তৰ দি বিধানসভাৰ অধ্যক্ষই কয় যে, আপোনালোকে আবেদন কৰিছে, মই বিষয়টো চাম। ১০মিনিটৰ পূৰ্বে পোৱা এই অভিযোগৰ মই কেনেকৈ ৰায় দিম। তেওঁ কংগ্ৰেছ নেতৃত্বক প্ৰশ্ন কৰে যে, আপোনালোকে দলীয়ভাৱে এই বিধায়ক দুজনৰ ওপৰত কিয় কঠোৰ ব্যৱস্থা লোৱা নাই।

লক্ষ্যণীয়ভাৱে, অধ্যক্ষই আন দলৰ নিলম্বিত সদস্যক ৰাইজৰ দলে সদস্য পদ দিয়া বিষয়টোৰ সন্দৰ্ভত  কোনো মন্তব্য নকৰিলে। লক্ষ্যণীয়ভাৱে, অখিল গগৈয়েও এই বিষয়টোৰ আলোচনা সংসদীয় নীতিবৰ্হিভূত এনে দল বগৰোৱা ৰাজনীতি কিহৰ ভিত্তিত সমৰ্থনযোগ্য হ'ব পাৰে সেই সন্দৰ্ভত এই বিৰ্তকত ভাগ লোৱাৰ পৰা বিৰত থাকিল।

সদনত সদায় সক্ৰিয় হৈ থকা অখিল গগৈ নিজ দলৰ শক্তি বৃদ্ধিৰ স্বাৰ্থত মৌন হৈ থকা এই স্থিতিক লৈ ভিন্ন প্ৰশ্ন উত্থাপিত হৈছে।  সেই সময়তে কংগ্ৰেছৰ বিধায়কে আন ৫গৰাকী বিধায়কৰ ক্ষেত্ৰত যোৱা ৪বছৰ পূৰ্বে দাখিল কৰা অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ নকৰাৰ কথা উনুকিয়াই দিয়ে। সেই বিধায়কসকল হ’ল- বসন্ত দাস, কমলাক্ষ পুৰকায়স্থ, শশীকান্ত দাস, শ্বেৰমান আলী আৰু ছিদ্দিক আহমেদ। 

বিষয়টোক লৈ সৰৱ হৈ পৰা কংগ্ৰেছ বিধায়কসকলক অধ্যক্ষই প্ৰশ্ন কৰে যে, তেওঁলোকৰ বিৰুদ্ধে দলে দলৰ পৰা বহিষ্কাৰ নকৰি তেওঁলোকক নিলম্বন কৰি থোৱাটোৱেই এই কথা উদঙাই দিয়ে যে, নিজে নিজ দলৰ বিধায়কৰ বিৰুদ্ধে কঠোৰ হ’ব নোৱাৰি অধ্যক্ষৰ জৰিয়তে এই কাম কৰিব খুজিছে।

অধ্যক্ষৰ এই মন্তব্য শুনি কংগ্ৰেছ বিধায়কসকলে সদন ত্যাগ কৰে। তাৰ পিছতে অধ্যক্ষৰ এই স্থিতি আৰু ভূমিকাৰ বাবে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অধ্যক্ষক ধন্যবাদ জনাই কংগ্ৰেছৰ এনে স্থিতিৰ বাবে দলটোক কঠোৰ ভাষাৰে সমালোচনা কৰে।

অখিল গগৈ