২০২১ত বিজেপিক পৰাভূত কৰিব লাগিব, গঢ়িব লাগিব বিকল্প শক্তিঃ পুনৰ ১২ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণৰ পিছতে আৰু কি ক’লে অখিল গগৈয়ে, VIDEO

২০২১ত বিজেপিক পৰাভূত কৰিব লাগিব, গঢ়িব লাগিব বিকল্প শক্তিঃ পুনৰ ১২ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণৰ পিছতে আৰু কি ক’লে অখিল গগৈয়ে, VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ মঙলবাৰে NIAৰ আদালতত হাজিৰ কৰোৱাৰ পিছত পুনৰ ১২ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় কৃষক নেতা অখিল গগৈক। উল্লেখ্য যে, তেওঁক আদালতত হাজিৰ কৰোৱাৰ সময়ত NIAৰ কোনো বিষয়া উপস্থিত নাথাকে। যাৰ বাবে স্থগিত ৰখা হয় শুনানি।

অখিল গগৈৰ লগতে ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ আৰু বিতু সোণোৱালকো ১২ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। পুনৰ ৭ মাৰ্চত তেওঁলোকক হাজিৰ কৰোৱা হ'ব NIAৰ আদালতত। উল্লেখ্য যে, ১৪ দিনৰ ন্যায়িক জিম্মাৰ ম্যাদ উকলাত মঙলবাৰে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ নেতাসকলক NIA-ৰ আদালতত হাজিৰ কৰোৱা হৈছিল। ১ মাৰ্চৰ পৰা কাৰাগাৰৰ ভিতৰতে অনশনৰো হুংকাৰ দিছে অখিল গগৈয়ে।

লগতে অখিল গগৈয়ে কা বিৰোধী আন্দোলন তীব্ৰতৰ কৰাৰো আহ্বান জনালে। তেওঁ লগতে কয়, যদি ২০২১ত বিজেপিক পৰাভূত কৰিব লাগে তেতিয়া বিকল্প শক্তি গঢ়ি তুলিব লাগিব। ইফালে অখিল গগৈক আদালতত হাজিৰ কৰোৱাৰ সময়ত একাংশ সমৰ্থকে তেওঁৰ মুক্তিৰ দাবীৰে প্ৰতিবাদ কৰে। ইফালে কাৰ বিৰোধো কৰে ন্যায়ালয়ৰ চৌহদত উপস্থিত লোকসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in