আৰ এছ এছ-বিজেপিৰ স্বৈৰতান্ত্ৰিক কাম কাজে দেশলৈ অশনি সংকেত আনিছেঃ অখিল গগৈ

আৰ এছ এছ-বিজেপিৰ স্বৈৰতান্ত্ৰিক কাম কাজে দেশলৈ অশনি সংকেত আনিছেঃ অখিল গগৈ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ভাৰতৰ সংসদীয় গণতন্ত্ৰত বিজেপি চৰকাৰে জম্মু-কাশ্মীৰক দ্বিখণ্ডিত কৰিবলৈ লোৱা প্ৰস্তাৱৰ লগতে কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তনক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কয় ভাৰতীয় সংসদীয় গণতন্ত্ৰত সোমবাৰৰ দিনটো এটা ক'লা দিন। উল্লেখ্য যে, কেন্দ্ৰৰ এই সিদ্ধান্ত ঠেক মনোবৃত্তিৰ লগতে অদূৰদৰ্শী তথা স্বৈৰতান্ত্ৰিক সিদ্ধান্ত বুলি অভিহিত কৰি এই প্ৰস্তাৱ বাতিল কৰিবলৈ দাবী জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

তদুপৰি কেন্দ্ৰৰ এই হঠকাৰী সিদ্ধান্তক নিন্দা কৰি জম্মু-কাশ্মীৰবাসীৰ এই সংকটৰ সময়ত আমি আছো বুলি লগতে উল্লেখ কৰে। ইফালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহ নেতৃত্বাধীন এই বিজেপি আৰু আৰ এছ এছৰ চৰকাৰক লৈ ভাৰতীয় জনগণ যে সুৰক্ষিত নহয় তাকে এই জম্মু-কাশ্মীৰ দ্বিখণ্ডিত প্ৰস্তাৱে উদঙাই দিলে।

আনহাতে এই আৰ এছ এছ আৰু বিজেপিৰ চৰকাৰে এতিয়া স্বৈৰতান্ত্ৰিক শাসনত ৰাজনৈতিক-অৰ্থনৈতিক দিশতো গভীৰ সংকট আনিবলৈ লৈছে। উত্তৰ-পূৰ্বাঞ্চলৰৰ গণতান্ত্ৰিক শক্তি সমূহে অঞ্চলৰ আত্ম নিয়ন্ত্ৰণৰ অধিকাৰ দাবী কৰা সকলে কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰা উচিত বুলি সংগঠনটোৱে কয়।

লগতে অসমসহ বিভিন্ন ৰাজ্যৰ মৰ্যদা কৰ্তনৰ পাছত ৰাজ্যই লাভ কৰা সাংবিধানিক সুৰক্ষা কবচৰ বিভিন্ন অনুচ্ছেদ ক্ৰমে ৩৭১ এ ৰ পৰা ৩৭১ জি লৈ, ষষ্ঠ অনুসূচীৰ জনজাতি-পিছপৰা শ্ৰেণীৰ সংৰক্ষণৰ ওপৰতো আক্ৰমণ হ'ব পাৰে বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সকিয়াই দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in