‘জাতিৰ শত্ৰুৰ সৈতে মিতিৰালি কৰি অসমবাসীক প্ৰতাৰণা কৰিলে অগপই…’

‘জাতিৰ শত্ৰুৰ সৈতে মিতিৰালি কৰি অসমবাসীক প্ৰতাৰণা কৰিলে অগপই…’
  • কৃষক নেতা অখিল গগৈৰ সংবাদমেল।
  • বিজেপি-অগপৰ মিত্ৰতাক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া।
  • 'অসমৰ ৰাইজক বিশ্বাসঘাটকতা কৰিলে অগপই।'
  • 'অগপ কৰ্মী, অসমৰ ৰাইজ আৰু জাতিয়তাবাদী প্ৰত্যোকজন ব্যক্তিক চৰম প্ৰতাৰণা কৰিলে অগপই।'
  • ২০১৯ৰ লোকসভা নিৰ্বাচনত অগপক স্বতন্ত্ৰভাৱে নমাৰ পৰামৰ্শ দিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
  • 'জাতীয়তাবাদৰ আদৰ্শ থকা কোনো লোক থাকিব নালাগে অগপত।'
  • 'সকলো লোক অগপৰ পৰা আতৰি আহিব লাগে।'
  • 'জাতিৰ শত্ৰুৰ সৈতে মিতিৰালি কৰি জাতিৰ শত্ৰুত পৰিণত হ'ল অগপ।'
  • সংবাদমেলত সৰ্বানন্দ সোণোৱালকো কটাক্ষ কৰিলে অখিল গগৈয়ে।
  • ৰঞ্জিত দত্তই কোৱা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰিলেহে অগপৰ সৈতে মিত্ৰতা হ'ব বুলি কোৱাৰ সন্দৰ্ভত অখিল গগৈয়ে কলে-
  • 'অগপই এই সন্দৰ্ভত লিখিত প্ৰতিশ্ৰুতি দি আকৌ মিত্ৰতা কৰিলে নেকি'
  • অগপ নেতৃত্বক এই সন্দৰ্ভত ৰাজহুৱা কৰিবলৈ আহ্বান জনালে অগপ নেতৃত্বক।
  • মঙলবাৰে অগপৰ এটি দল অখিল গগৈৰ গৃহলৈ যোৱাৰ কথাও কলে কৃষক নেতাগৰাকীয়ে।
  • আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক উৎখাত কৰিবলৈ অসমবাসীক আহ্বান জনালে অখিল গগৈয়ে
  • অজ্ঞ, সুবিধাবাদী আৰু জাতিৰ প্ৰতি বিশ্বাসঘাটকতা কৰা সকলেহে বিজেপিক ভোট দিব বুলি মন্তব্য অখিল গগৈৰ।
  • আনহাতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত হোৱা বিয়াগোম কেলেংকাৰীৰ বিষয়েও সৰৱ হল অখিল গগৈ।
  • 'অসমৰ ইতিহাসত ই আটাইতকৈ ডাঙৰ কেলেংকাৰী।'
  • বিভাগটোত অবৈধভাৱে নিযুক্তি পোৱা প্ৰাৰ্থীসকলৰ নামো উল্লেখ কৰিল অখিল গগৈয়ে।
  • 'বিজেপি নেতা অঙহী-বঙহীক নিযুক্তি দিছে চৰকাৰে'
  • 'ঢকুৱাখনাত নৱ দলেৰ ২১জন আত্মীয় তথা বিজেপিৰ নেতা-কৰ্মীৰ লগতে বৰপেটাত একেটা পৰিয়ালৰ ৪জনকৈ সদস্যই একে পদত নিযুক্তি লাভ কৰিছে ।'
  • সংবাদমেলত নাম আৰু সৰ্ম্পকও প্ৰকাশ কৰিলে অখিল গগৈয়ে।
  • 'অগপ নেতাৰ পৰিয়ালৰ বহু লোকেও চাকৰি পাইছে এই বিভাগত। সেই তালিকাও আমাৰ হাতত আছে '
  • 'বিভাগটোত কেলেংকাৰী হোৱা নাই বুলি কোৱাটোৱেই ডাঙৰ দুৰ্নীতি।'
  • পিছৰ পৰ্যায়ত সকলো তথ্য ফাদিল কৰা হ'ব বুলি সংবাদমেলত কলে কৃষক নেতাগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in