দিল্লীত হঠাৎ গুৰুতৰভাৱে অসুস্থ অখিল গগৈ চিকিৎসালয়ত ভৰ্তি

দিল্লীত হঠাৎ গুৰুতৰভাৱে অসুস্থ অখিল গগৈ চিকিৎসালয়ত ভৰ্তি

ডিজিটেল ডেস্কঃ গুৰুতৰভাৱে অসুস্থ অখিল গগৈ। সোমবাৰৰ নিশাৰে পৰা আঁঠুৰ তলৰ কলাফুলত প্ৰচণ্ড বিষ অনুভৱ কৰাত চিকিৎসকৰ পৰামৰ্শ লয় গগৈয়ে। কিন্তু চিকিৎসকে তেওঁৰ সোঁ-ভৰিৰ আঙুলিৰ ফাঁকত তেজ গোট মাৰি হোৱা এটা ঘাঁ প্ৰত্যক্ষ কৰাৰ লগতে ভৰিৰ নিম্নাংশ ফুলি যোৱা বিষয়টো প্ৰত্যক্ষ কৰি তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি হ'বলৈ তেওঁক পৰামৰ্শ দিয়ে। সেই মৰ্মে এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হোৱাৰ পাছত তেজকে ধৰি বিভিন্ন পৰীক্ষা কৰোৱা অখিল গগৈক চিকিৎসকে সংক্ৰমণৰ ফলতে এনে হোৱা বুলি জানিবলৈ দিয়ে।

বৰ্তমানে আদিবা হাস্পতালত চিকিৎসাধীন অৱস্থাত থকা গগৈৰ ভৰিৰ বিষ সামান্য কমিলেও চিকিৎসকৰ মতে, তেওঁৰ সংক্ৰমণ দূৰ কৰাৰ কাৰণে অধিক সময়ৰ প্ৰয়োজন হ'ব। ৭০ সংগঠনক প্ৰতিনিধিত্ব কৰা বহু কেইজন জাতীয় সংগঠনৰ নেতাৰ সৈতে দিল্লীত বাহৰ পাতি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যসভাৰ সাংসদসকলৰ উপৰি বিৰোধী দলৰ নেতাক সাক্ষাতৰ বাবে যোৱা কেইদিনমান দিল্লীত কটোৱা নেতাগৰাকী চেণ্ডেল পিন্ধি ফুৰাৰ বাবেই ক'ৰবাত বীজাণুৰ সংস্পৰ্শলৈ অহাৰ ফলতেই এনে হোৱা বুলিও চিকিৎসকে জানিবলৈ দিছে। চিকিৎসালয়ত তেওঁক চোৱাচিতা কৰি আছে দিল্লীত থকা একাংশ অসমীয়া ছাত্ৰ তথা অসমৰ পৰা যোৱা প্ৰতিনিধি দলৰ নেতৃবৰ্গই।

উল্লেখযোগ্য যে, দীৰ্ঘকাল ধৰি চেণ্ডেল ব্যৱহাৰ কৰা অখিল গগৈয়ে কাৎচিত কেতিয়াবাহে জোতা পিন্ধে। এই লৈ সময়ে সময়ে অখিলৰ সংগ্ৰাম বিৰোধী শক্তি তথা চৰকাৰৰ বিভিন্ন নেতা-পালিনেতাৰ উপলুঙাৰো লক্ষ্য হৈ পৰে কৃষক নেতাগৰাকী। ইফালে, অতিকৈ স্পৰ্শকাতৰ সময়ত চিকিৎসাধীন হ'ব লগা হোৱাত বাৰুকৈয়ে অসন্তুষ্ট গগৈ। কিন্তু তেওঁৰ সৈতে যোৱা প্ৰতিনিধি আৰু চিকিৎসকৰ মতে, গুৰুতৰ সংক্ৰমণক আওকাণ কৰি মনৰ বলত ঘূৰি-ফুৰিবলৈ গ'লে এই অসুস্থতাই অতিকৈ বিপদ জনক ৰূপ ধাৰণ কৰিব পাৰে। সেয়েহে তেওঁ সংক্ৰমণমুক্ত নোহোৱা পৰ্যন্ত হাস্পতালত চিকিৎসাধীন হৈ থকা উচিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in