কাৰাৰুদ্ধ অখিল গগৈক কিয় অনা হ’ল GMCH লৈ…

কাৰাৰুদ্ধ অখিল গগৈক কিয় অনা হ’ল GMCH লৈ…
  • কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক বৃহস্পতিবাৰে অনা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ।
  • কাৰাগাৰত থকাৰ সময়চোৱাৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটিছে অখিল গগৈৰ।
  • চকু,হাড় আৰু প্ৰচণ্ড মূৰৰ বিষত ভুগিছে কৃষক নেতাজনে।
  • চকুৰ সমস্যাত ভোগাৰ বাবে ডাক্তৰে চচমা লোৱাৰ বাবে আগবঢ়াইছে পৰামৰ্শ।
  • ইয়াৰ লগতে স্বাস্থ্য সংক্ৰান্তীয় সকলো পৰীক্ষা কৰোৱা হয় জিএমচি এইচত।
  • কেন্দ্ৰীয় কাৰাগাৰৰ পৰা জি এম চি এইছত উপস্থিত হৈ অখিল গগৈয়ে ৬ নং দফাৰ সম্পৰ্কত কয় যে, 'কেন্দ্ৰীয় চৰকাৰে ৬ নং দফাৰ প্ৰতিবেদন গ্ৰহণ নকৰি অসমীয়া জাতিক অপমান কৰিছে।
  • অতি সোনকালে এই প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব লাগে,বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনখন এতিয়াও সম্পূৰ্ণ নহয়।
  • ইনাৰ লাইন পাৰ্মিট,নাগৰিকত্ব,ৰাজ্যৰ প্ৰয়োজনীয় অধিকাৰ আদিবোৰ সন্নিবিষ্ট থাকিব লাগে প্ৰতিবেদনত।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in