১৩ ফেব্ৰুৱাৰীত ৰাজ্যসভাত নাগৰিকত্ব বিধেয়ক! দিল্লীৰ পৰা কি ক’লে অখিলে, VIDEO

১৩ ফেব্ৰুৱাৰীত ৰাজ্যসভাত নাগৰিকত্ব বিধেয়ক! দিল্লীৰ পৰা কি ক’লে অখিলে, VIDEO

ডিজিটেল ডেস্কঃ ৰাজ্যসভাত আজি উত্থাপন নহয় নাগৰিকত্ব সংশোধনী বিধেয়ক। ১২ বজাত ৰাজ্যসভাত এই বিধেয়ক উত্থাপন কৰাৰ কথা আছিল যদিও, শেষ মুহূৰ্তত সদনত সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশৰ বাবে দিনৰ ২ বজালৈ সদনৰ কাম-কাজ স্থগিত ৰখা হয়। সংসদ ভৱনৰ সন্মুখত উপস্থিত আছে অখিল গগৈ, পলাশ চাংমা সহ জাতীয় দল-সংগঠনৰ নেতৃত্ব। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কক অখিল গগৈয়ে সংসদ ভৱনৰ সন্মুখৰ পৰা জানিবলৈ দিয়া মতে- আজি সদনৰ কাম-কাজ আৰম্ভ হোৱা পূৰ্বে বিৰোধী দলসমূহৰ সৈতে এক বৈঠক অনুষ্ঠিত হৈছিল।

অখিল গগৈৰ মতে- 'এই বিধেয়কখন উত্থাপন নহ'লেও মঙলবাৰে ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত ধন্যবাদ সূচক প্ৰস্তাৱ গৃহীত হোৱাৰ সম্ভাৱনা আছে। যদি সেই প্ৰস্তাৱ গৃহীত হয় যায়, তেন্তে ১৩ ফেব্ৰুৱাৰী, বুধবাৰে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।' আৰু সেয়েহে অখিল গগৈয়ে বিৰোধী পক্ষক আহ্বান জনাইছে, মঙলবাৰে যাতে ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত ধন্যবাদ প্ৰস্তাৱ গৃহীত কৰিব নোৱাৰে, তাৰ বাবে সদনৰ কাম-কাজ চলাত বাধা দিব লাগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in