আজমল ফাউণ্ডেচন সহায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল মানকাছাৰৰ শ্বৰিফা ইয়াছমিন

আজমল ফাউণ্ডেচন সহায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল মানকাছাৰৰ শ্বৰিফা ইয়াছমিন

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ নিশাৰ ভিতৰতে চৰ্চিত হৈ পৰিল দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মেধাৱী ছাত্ৰী। আৰ্থিক দৈন্যতাৰ মাজতো নিজৰ অধ্যৱসায় আৰু একান্ত প্ৰচেষ্টাত আজি সৰ্বভাৰতীয় পৰীক্ষাত উজলি উঠিল মানকাছাৰৰ কালাপানী গাঁৱৰ শ্বৰিফা ইয়াছমিন নামৰ কৃতি শিক্ষাৰ্থী গৰাকী।শ্বৰিফাৰ মনত আছিল জীৱনত কিবা কৰাৰ অদম্য হেঁপাহ। আৰ্থিক দৈন্যতাৰ বাবে নিজৰ লক্ষ্যপ্ৰাপ্তিৰ কাৰণে শ্বৰিফাই কঠোৰ সংগ্ৰামৰ মাজেৰে অধ্যয়ণ অব্যাহত ৰাখিছিল। মানকাছাৰৰ কালাপানীৰ এখন ভিতৰুৱা গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰী শ্বৰীফা ইয়াছমিনৰ উচ্চ শিক্ষাৰ প্ৰৱল হাবিয়াস থাকিলেও দাৰিদ্ৰতাৰ বাবে সেই হাবিয়াস মনৰ ভিতৰতে দমাই ৰাখিবলগীয়া হয়। কৃতি শিক্ষাৰ্থীগৰাকীৰ এই হাবিয়াসৰ কথা জানিব পাৰি আজমল ফাউণ্ডেচনৰ মুখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমলে শ্বৰিফাক আজমল ফাউণ্ডেচনৰ পৰা বিশেষ জলপাণিৰ ব্যৱস্থা কৰি হোজাইৰ মৰিয়ম আজমল কলেজত উচ্চতৰ মাধ্যমিক পঢ়াৰ ব্যৱস্থা কৰি দিয়ে।

ইয়াতে নামভৰ্তি কৰি শ্বৰিফাই অব্যাহত ৰাখে শৈক্ষিক সংগ্ৰাম।এই কৃতি শিক্ষাৰ্থী গৰাকী সদ্যঘোষিত সৰ্ব ভাৰতীয় আই,আই টি-জেম (IIT-JAM) পৰীক্ষাত উত্তীৰ্ণ হৈ বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।এই পৰীক্ষাত শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰি ভিতৰুৱা গাঁৱখনলৈ সুনাম কঢ়িয়াই অনাটো শ্বৰিফাৰ জীৱনৰ এক সপোন আছিল আৰু অৱশেষত ধুবুৰীৰ সাংসদ আজমলৰ বাবেই শ্বৰিফাৰ এই সপোন বাস্তৱত পৰিণত হয়।ইয়াছমিন ৰসায়ন বিজ্ঞানৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰী।ইয়াছমিনৰ এই কৃতকাৰ্যতাৰ বাবে ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল,সাংসদ সিৰাজ উদ্দিন আজমল,আজমল ফাউণ্ডেচনৰ ডিৰেক্টৰ ড° খছৰুল ইছলামৰ লগতে কলেজখনৰ অধ্যক্ষা ড° শ্বামিম চফিকা বেগম উৎফুলিত হৈ পৰে।

মানকাছাৰ কন্যাগৰাকীয়ে সকলোকে ধন্যবাদ জনাই কয় -আজমল ফাউণ্ডেচনৰ সহায় সহযোগিতা আৰু মৌলানা বদৰুদ্দিন আজমলৰ মহানুভৱতাৰ বাবেই আজি তেওঁ এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।লগতে কলেজখনৰ অধ্যাপক বিশ্ববন্ধু থাপা আৰু ড° অনুপ পলৰ কৃতজ্ঞতা স্বীকাৰ কৰি শ্বৰিফাই কয় যে তেওঁক নিজৰ জীবনৰ লক্ষ্যপ্ৰাপ্তিত উপনীত কৰাবলৈ এই দুয়ো অধ্যাপকে নিজৰ সুখ,শান্তিও ত্যাগ কৰিছিল। যিকোনো সৰ্বভাৰতীয় প্ৰতিযোগিতাত কিদৰে সফলতা লাভ কৰিব পাৰি তাৰ বাবে বিভিন্ন সমল যোগান ধৰি দুয়ো অধ্যাপকে শ্বৰিফাক এই কঠিন পৰীক্ষাৰ বাবে প্ৰস্তুত কৰিছিল।দিছিল মানসিকভাৱে প্ৰেৰণা।এই ক্ষেত্ৰত লগতে আজমল ফাউণ্ডেচনৰ ডিৰেক্টৰ ড° খছৰুল ইছলামৰো অৱদানক স্বীকাৰ কৰি ধন্যবাদ জ্ঞাপন কৰে মানকাছাৰৰ কন্যাগৰাকীয়ে।

মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ চামিম চফিকা বেগমৰ লগতে মৰিয়ম আজমল কলেজৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী শ্বৰিফাৰ এই সফলতাত অত্যন্ত সুখী হোৱা বুলি মন্তব্য কৰে।অধ্যক্ষা ড০ শ্বামিম ছফিকাই কয় – শিক্ষাৰ্থীয়ে নিজৰ লক্ষ্যত উপনীত হ'বলৈ যদি মনত সাহস থাকে আৰু তাৰ বাবে নিয়মীয়া পৰিশ্ৰম কৰি যায় তেন্তে দৰিদ্ৰতা,উপাৰ্জনহীনতা বা আন কোনো ভয়ংকৰ ধুমুহা ইয়াৰ বাধা হব নোৱাৰে। শ্বৰিফা ইয়াছমিন তাৰেই জ্বলন্ত উদাহৰণ বুলি তেওঁ মন্তব্য কৰে।আজমল ফাউণ্ডেচনৰ ডাইৰেক্টৰ ড৹ খচৰুল ইছলামে মানকাচাৰৰ ছাত্ৰী শ্বৰিফা ইয়াছমিনৰ সফলতাত অত্যন্ত সুখী হৈ কয় – শ্বৰিফাৰ যি উদ্যম আৰু প্ৰচেষ্টা আছিল সেই উদ্যমীতাত এই সফলতা তাইৰ নিশ্চিতভাৱে প্ৰাপ্য আছিল।

ভৱিষ্যতে ভাৰতৰ আগশাৰীৰ আই .আই .টিত স্নাতকোত্তৰ কৰিবলৈ সুবিধা পোৱা শ্বৰিফা ইয়াছমিনে নিজকে অত্যন্ত সুখী অনুভৱ কৰি নিজৰ প্ৰচেষ্টাৰ লগতে অধ্যাপক বিশ্ববন্ধু থাপা আৰু ড° অনুপ পলৰ সহায় সহযোগিতা অবিহনে জীৱনৰ এই লক্ষ্যৰ বাস্তৱ ৰূপ কেতিয়াও নাপালেহেঁতেন বুলি দুয়োৰে কৃতজ্ঞতা স্বীকাৰ কৰে। উল্লেখ্য যে,সদ্যঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত স্নাতক পঞ্চম ষান্মাসিকৰ পৰীক্ষাত ৰসায়ন বিজ্ঞান গুৰু পাঠ্যক্ৰমত ৮৩ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল শ্বৰিফা ইয়াছমিন।দাৰিদ্ৰতাই জীৱনত আগবাঢ়ি যোৱাত যে বাধা দিব নোৱাৰে ছাত্ৰীগৰাকী তাৰেই উদাহৰণ। অসমৰ শিক্ষা জগতত আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত শৈক্ষিক প্ৰতিষ্ঠানে এক নতুন শৈক্ষিক জাগৰণ আৰম্ভ কৰাত বহু দৰিদ্ৰ কৃতি শিক্ষাৰ্থীসকলে এনেদৰে সৰ্বভাৰতীয় পৰীক্ষাত সফলতা অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ধুবুৰীৰ সাংসদ তথা আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমলে শ্বৰিফাৰ কৃতিত্বত উৎফুল্লিত হৈ কয় যে অসমৰ জাতি, ধৰ্ম, ভাষা,বৰ্ণ নিৰ্বিশেষে নিৰপেক্ষ আৰু উদাৰ মনোভাৱেৰে অসমৰ শিক্ষা জগতত নতুন জাগৰণ সৃষ্টি কৰাৰ অহৰহ প্ৰচেষ্টা চলাই গৈছে আজমল ফাউণ্ডেচন আৰু মৰ্কজুল মা'আৰিফে।

মানকাছাৰৰ এই কৃতি শিক্ষাৰ্থীগৰাকীক শুকুৰবাৰে হোজাইৰ আজমল ফাউণ্ডেচনত আজমল ফাউণ্ডেচনৰ ডাইৰেক্টৰ ড৹ খচৰুল ইছলাম,প্ৰৱন্ধক ড৹ এম আৰ এইচ আজাদ,অধ্যক্ষা ড° চামিম চফিকা বেগমে সম্বৰ্মনা জ্ঞাপন কৰে।লগতে শ্বৰিফাৰ জীৱনৰ উত্তৰোত্তৰ কামণা কৰে আজমল ফাউণ্ডেচনৰ সমূহ কৰ্মকৰ্তাই।ইফালে একেখন কলেজৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপিকা সুমা দাসে সৰ্বভাৰতীয় গেইট(GATE) ২০১৯ পৰীক্ষাত সফলতা অৰ্জন কৰি কলেজখনলৈ গৌৰৱ কঢ়িয়াই আনিবলে সক্ষম হয়। দুয়োৰ এই কৃতিত্বত শুকুৰবাৰে আজমল ফাউণ্ডেচনৰ হোজাইৰ কাৰ্যালয় আৰু কলেজখনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in