মোক মাৰ্ডাৰ কৰাৰ চেষ্টা কৰি আছে হিমন্তইঃ আজমল…

মোক মাৰ্ডাৰ কৰাৰ চেষ্টা কৰি আছে হিমন্তইঃ আজমল…

ডিজিটেল ডেস্কঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি সাংসদ বদৰুদ্দিন আজমলে মঙলবাৰে এক বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে। সংশোধিত নাগৰিকত্ব আইনক লৈ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত এ আই ইউ ডি এফৰ নেতাগৰাকীক সোধা প্ৰশ্নৰ প্ৰসংগত তেওঁ কয়, মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই বিভিন্ন সময়ত উচতনিমূলক মন্তব্য দি আছে। কিন্তু চৰকাৰে এই বিষয়ৰ সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰলক্ষিত হোৱা নাই।'

লগতে সাংসদ আজমলে মন্ত্ৰী হিমন্ত বিশ্বক সমালোচনা কৰি কয়, তেওঁ বিভিন্ন সময়ত অসমৰ মানুহক উচতনি দি কৈ আছে যে, ভৱিষ্যতে আজমল অসমৰ মুখ্যমন্ত্ৰী হৈ যাব। আচলতে তেওঁ মোক মাৰ্ডাৰ কৰাৰ চেষ্টা কৰি আছে।' উল্লেখ্য যে, কা'ৰ সন্দৰ্ভত বিভিন্ন সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমল ভৱিষ্যতে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখি আছে বুলি মন্তব্য কৰি আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in