ৰাজ্যত এইডছৰ ভয়াবহ ৰূপ : প্ৰায় ১৮০০ ৰো অধিক গৰ্ভৱতী মহিলাসহ বহু হাজাৰ লোক এইডছত আক্ৰান্ত…

ৰাজ্যত এইডছৰ ভয়াবহ ৰূপ : প্ৰায় ১৮০০ ৰো অধিক গৰ্ভৱতী মহিলাসহ বহু হাজাৰ লোক এইডছত আক্ৰান্ত…

ডিজিটেল ডেস্কঃ কোভিড সংক্ৰমণৰ মাজতে ৰাজ্যৰ বাবে আহিছে আন এক উদ্বেগজনক খবৰ। ক্ৰমান্বয়ে ৰাজ্যত বৃদ্ধি পাইছে এইডছত আক্ৰান্ত ৰোগীৰ সংখ্যা। কামৰূপ জিলা এইডছ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কোষৰ উদ্যোগত অনুষঠিত এক কৰ্মশালাত এই বিষয়ে এখ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।

আমিনগাওঁ যুৱ বিকাশ কেন্দ্ৰত অনুষ্ঠিত উক্ত কৰ্মশালাত জিলা এইডছ নিয়ন্ত্ৰণ বিষয়া ডাঃ নৰেন্দ্ৰ সি টিছুৱে সদৰি কৰা মতে বিগত ৩১ অক্টোবৰ পৰ্যন্ত ৰাজ্যত মুঠ ২০, ৮৪১ গৰাকী লোকৰ দেহত ধৰা পৰিছে এইডছ। এই ২০, ৮৪১ গৰাকী এইডছ আক্ৰান্তৰ লোকৰ ভিতৰত আছে ১,৮১১ গৰাকী গৰ্ভৱতী মহিলা।আনহাতে ১৯,০৩০ গৰাকী সাধাৰণ লোক।

উল্লেখ্য যে, কেৱল কামৰূপ জিলাতে আছে ৩৫৮ গৰাকী এইডছ আক্ৰান্ত ৰোগী। শেহতীয়াকৈ ৰাজ্যৰ ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ হোৱাৰ পিছতে এইডছ আক্ৰান্তৰ এই ভয়াবহ ছবিখন পোহৰলৈ আহিছে বুলি উল্লেখ কৰিছে উক্ত কৰ্মশালাত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in