উইং কমাণ্ডাৰ অভিনন্দন বৰ্থমানক আটক কৰা পাকিস্তানী জোৱানক হত্যা কৰিলে ভাৰতীয় সেনাই

উইং কমাণ্ডাৰ অভিনন্দন বৰ্থমানক আটক কৰা পাকিস্তানী জোৱানক হত্যা কৰিলে ভাৰতীয় সেনাই

ডিজিটেল ডেস্কঃ উইং কমাণ্ডাৰ অভিনন্দন বৰ্থমানক পাকিস্তান সীমান্তত আটক কৰা এজন পাকিস্তানী জোৱানক হত্যা কৰিছে ভাৰতীয় সেনাই। উইং কমাণ্ডাৰগৰাকীক শাৰাশাস্তি কৰা এজন পাকিস্তানী সেনাক হত্যা কৰা হৈছে ভাৰতীয় নিয়ন্ত্ৰণ ৰেখাত। ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰোতে হত্যা কৰা চুবেদাৰগৰাকীৰ নাম আহমেদ খান বুলি জানিব পৰা গৈছে।

নাকয়াল চেক্টৰত ১৭ আগষ্টত হত্যা কৰা হৈছে জোৱানজনক। উল্লেখ্য যে, অভিনন্দন বৰ্থমানক আটক কৰাৰ পিছতে পাকিস্তানী সেনাই ২৭ ফেব্ৰুৱাৰীত ৰাজহুৱা কৰা এটা ভিডিঅ'ত ভাৰতীয় উইং কমাণ্ডাৰগৰাকীৰ পিছফালে ৰৈ থকা দেখিবলৈ পোৱা গৈছিল আহমেদ খানক। বালাকোটৰ এয়াৰ ষ্ট্ৰাইকৰ পিছতে উইং কমাণ্ডাৰগৰাকীক পাক অধিকৃত কাশ্মীৰৰ পৰা পাকিস্তান সেনাই বন্দী কৰিছিল।

তাৰ পিছতে চলাইছিল শাৰাশাস্তি। সেই দৃশ্য ভাইৰেলো হৈছিল ছ'চিয়েল মিডিয়াত। যাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। উল্লেখ্য যে, আহমেদ খানক পাকিস্তানী সেনাই বিশেষভাৱে নৌচেৰা, সুন্দৰবাণী আৰু পল্লনৱালা চেক্টৰত অনুপ্ৰৱেশৰ বাবে কৰ্তব্যত নিয়োজিত কৰা বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in