পূৰ্বৰ দৰেই বৃহস্পতিবাৰে আঁহতগুৰিত অনুষ্ঠিত হ’ব ঐতিহ্যমণ্ডিত ম’হৰ যুঁজ…

পূৰ্বৰ দৰেই বৃহস্পতিবাৰে আঁহতগুৰিত অনুষ্ঠিত হ’ব ঐতিহ্যমণ্ডিত ম’হৰ যুঁজ…

ডিজিটেল ডেস্কঃ আঁহতগুৰিৰ ঐতিহ্যমণ্ডিত ম'হৰযুঁজ পূৰ্বৰ দৰে এইবাৰো বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে, উচ্চতম ন্যায়ালয়ে ম'হৰ যুঁজক নিষিদ্ধ কৰি প্ৰদান কৰা এক ৰায়ৰ ভিত্তিতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগালী বিহুৰ পৰম্পৰাগত আৰু প্ৰাচীণ ঐতিহ্যপূৰ্ণ ম'হৰ যুঁজ ইতিমধ্যে বন্ধ হৈ পৰিছে যদিও, অনানুষ্ঠানিকভাৱে হ'লেও মধ্য নগাঁৱৰ সবাতোকৈ আকৰ্ষণীয় আঁহতগুৰিৰ ম'হৰ যুঁজ এইবাৰো যোৱা কেইবছৰ মানৰ দৰেই অনানুষ্ঠানিকভাৱে অনুষ্ঠিত হ'ব বুলি একাংশ ম'হ পালকে জনিবলৈ দিছে।

উল্লেখযোগ্য যে, পূৰ্বে আঁহতগুৰিৰ ম'হৰ যুঁজ পৰিচালনাৰ বাবে গোৱাল আৰু বিভিন্ন সমাজ সংগঠকৰ দ্বাৰা গঠিত এখন পৰিচালনা সমিতিৰ তত্বাৱধানত অনুষ্ঠিত হৈছিল। হাজাৰ হাজাৰ লোক সমাবেশিত হোৱা এই যুঁজত ৪০-৪৫ হাল পৰ্যন্ত ম'হৰ মাজত গোৱালসকলে যুঁজ লগোৱাৰ দৃশ্যই সকলোকে আমোদ দিছিল।

সংবাদমাধ্যমৰ বাবেও আঁহতগুৰিৰ ম'হৰ যুঁজৰ কাভাৰেজ আছিল ভোগালীৰ অন্যতম এক আকৰ্ষণ। কিন্তু ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিত এই ম'হ যুঁজ পৰিচালনা সমিতি ভংগ কৰি দিয়া হয়। কিন্তু ম'হ পালকসকলৰ মতে মাঘত ম'হক নুযুঁজালে খুটিত তেজাল ম'হ নিয়ন্ত্ৰণত ৰখাতো সম্ভৱ নহয়।

আনকি বলপূৰ্বক যুঁজৰ পৰা আতৰত ৰখা ম'হ পিতনিত মেলি দিয়া অৱস্থাত নিজে নিজে যুঁজি ক্ষত-বিক্ষত হোৱাৰ উপৰি বহু সময়ত কোনোবাটো ম'হৰ মৃত্যু পৰ্যন্ত ঘটে। সেয়ে পোহনীয়া ম'হৰ আচৰণ মাঘ মাহৰ এই বিশেষ সময়ত যিদৰে উন্মত্ত হৈ উঠে, সেয়া যুঁজ লগাই বশীভূত কৰিব নোৱাৰিলে বনৰীয়া ম'হৰ দৰেই ই আক্ৰমনাত্মক হৈ উঠি ম'হ পালক বা আন মানুহৰ ওপৰতে আক্ৰমণ চলোৱাৰ আশংকা থাকে।

এনে পৰিপ্ৰেক্ষিততে ন্যায়ালয়ৰ প্ৰতি সন্মান জনাই আঁহতগুৰিত আনুষ্ঠানিক ম'হৰ যুঁজ পতাৰ পৰা ম'হ যুঁজ পৰিচালনা সমিতি বিৰত থকাৰ স্বাৰ্থত পৰিচালনা সমিতি ভংগ কৰি দিলেও একাংশ ম'হ পালকে নিজাববীয়াকৈয়ে পৰিচিত সেই পথাৰখনলৈ আনি বিগত কেইটামান বছৰত নিজাকৈ যুঁজ লগোৱাৰ এক অনানুষ্ঠানিক কাৰ্যসূচী ৰূপায়ন কৰি আহিছে।

এই যুঁজ চাবলৈ দৰ্শকে যায়। অৱশ্যে ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনাৰ বাবেই বহু ম'হ পালকে এই যুঁজ বৰ্জন কৰাৰ বাবে নিজৰ ম'হ বিক্ৰী কৰি দিয়াৰ দৰে ঘটনাও হৈছে। যাৰ ফলত পূৰ্বৰ দৰে বৃহৎ সংখ্যক ম'হ আৰু দৰ্শক এই যুঁজ উপলক্ষে আঁহতগুৰিত সমবেত নহ'লেও ২০ৰ পৰা ৩০ হাল ম'হৰ যুঁজ এইবেলিও বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব বুলি এই ম'হ পালকসকলে জানিবলৈ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in