বিশ্বাসঘাতক অগপ! ৰাজ্যসভাত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই নিদিলে কেবৰ বিৰুদ্ধে ভোট

বিশ্বাসঘাতক অগপ! ৰাজ্যসভাত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই নিদিলে কেবৰ বিৰুদ্ধে ভোট

ডিজিটেল ডেস্কঃ অসম আন্দোলনৰ পিছত অসমীয়াৰ আবেগে এদিন জন্ম দিছিল এটা আঞ্চলিক ৰাজনৈতিক দলৰ। অসমীয়া জাতি, মাটি, ভেটি ৰক্ষাৰ স্বাৰ্থত সদায় কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়া দলটোৰ নাম ৰখা হৈছিল অসম গণ পৰিষদ। কিন্তু আজিৰ অসম গণ পৰিষদ দলত অসমীয়াৰ স্বাভিমান, অসমীয়াৰ দাবী, আবেগ-অনুভুতিৰ কোনো মূল্য নাই। নাগপুৰীয়াৰ ওচৰত শৰণাপন্ন হৈ এতিয়া অসম গণ পৰিষদে হেৰুৱাইছে পূৰ্বৰ মান।

যি সময়ত অসমীয়া জাতিয়ে নিজৰ জাতিটোৰ স্বাৰ্থত সকলো জলাঞ্জলি ৰাজপথলৈ ওলাই আহি বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে, সেই সময়ত অসমৰ খিলঞ্জীয়াৰ দল বুলি পৰিচিত অসম গণ পৰিষদে কিন্তু সমৰ্থন কৰিছে জাতি ধ্বংসৰ ষড়যন্ত্ৰকাৰী দলটোক। পূৰ্বে এই দলটোৰ ৩ নেতাই কেবৰ বিৰোধিতা কৰি বিজেপিৰে মিত্ৰতা ভংগ কৰি ৰাজ্য চৰকাৰত লাভ কৰা মন্ত্ৰিত্বও ত্যাগ কৰিছিল। কিন্তু শেষত সকলো ফুটুকাৰ ফেন হল।

সময়ৰ লগে লগে পুনৰ স্থাপন হ'ল অগপ-বিজেপিৰ মিত্ৰতা! পুনৰ মন্ত্ৰিত্বৰ পদ উভতাই ল'লে অতুল বৰা, ফণীভূষণ চৌধুৰী আৰু কেশৱ মহন্তই। পৰৱৰ্তী সময়ত তেওঁলোকে কেবৰ সমৰ্থন কৰে। প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই অহা খিলঞ্জীয়াক উপহাস কৰাৰ পূৰ্বে তেওঁলোকে এবাৰ ভাৱি চোৱাৰ প্ৰয়োজন বোধো নকৰিলে।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ চৰম প্ৰতিবাদকো নেওচি বুধবাৰে ১২৫ টা ভোট লাভ কৰি ৰাজ্যসভাত গৃহীত হ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক। বিধেয়কখনৰ বিপক্ষে ভোট দিলে ১০৫ গৰাকী সাংসদে। পৰিতাপৰ কথা এয়ে যে বিতৰ্কিত বিধেয়কখনৰ সমৰ্থনত যিসকল ৰাজ্যসভাৰ সাংসদে ভোট দিছিল, তাৰ ভিতৰত এজন হৈছে অসম গণ পৰিষদৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যও।

পূৰ্বে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অসমীয়ৰ খিলঞ্জীয়াসকলৰ আস্থা জয় কৰিবলৈ সক্ষম হৈছিল বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। সকলোৱে আশা কৰিছিল যে এগৰাকী অসমীয়া হিচাপে অন্তত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ৰাজ্যসভাত এই বিতৰ্কিত বিধেয়কখনৰ বিৰোধিতা কৰিব। কিন্তু বুধবাৰে খিলঞ্জীয়াক একপ্ৰকাৰ বিশ্বাস ঘাতকতা কৰিয়েই বিধেয়কখনৰ সমৰ্থনত ভোট দিলে সাংসদজনে। অসমীয়াৰ অস্তিত্বক নসাৎ কৰিব বিচৰা এখন বিধেয়কৰ সমৰ্থনত অগপৰ একমাত্ৰ সাংসদজনে প্ৰদান কৰা ভোটটোৱে অগপ দলটোৰ প্ৰতি থকা মানুহৰ শেষ কণ আস্থাও নাইকীয়া কৰি পেলোৱা বুলি এতিয়া মন্তব্য কৰিছে সকলোৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in