ৰাজনৈতিক মন্তব্য নকৰে অতুল বৰাই : মুখ বন্ধ ৰখাৰ নিৰ্দেশ নেকি !

ৰাজনৈতিক মন্তব্য নকৰে অতুল বৰাই : মুখ বন্ধ ৰখাৰ নিৰ্দেশ নেকি !

ডিজিটেল সংবাদ মৰিগাঁওঃ অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত কোনো মন্তব্য নকৰে অগপ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই। মন্ত্ৰীগৰাকীয়ে নকয় কোনো ৰাজনৈতিক কথাও। দলটোৰ পৰা কোনো সদস্যই নতুন মন্ত্ৰীসভাত স্থান পাবনে নাই সেই বিষয়েও নাজানে অগপ সভাপতি অতুল বৰাই। এই সন্দৰ্ভত কেৱল মন্তব্য দিব পৰা ব্যক্তি হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

কৃষি বিভাগৰ চৰকাৰী আঁচনি সমূহৰ সফল ভাবে ৰূপায়ন কৰিবৰ বাবে মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন আলোচনা সভাত অংশগ্ৰহণ কৰাৰ সময়ত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইদৰেই মন্তব্য কৰিলে অকুল বৰাই। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ আঁচনি সমূহ সফল ভাবে ৰূপায়ন কৰিবৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পৰ্যবেক্ষণৰ বাবে কৃষি আৰু ৰাজহচক্ৰ বিষয়া সকলৰ লগত মৰিগাওঁ জিলা উপায়ুক্তৰ কাৰ্যালয়ত আলোচনা কৰে কৃষি মন্ত্ৰী গৰাকীয়ে।

বছৰৰৰ প্ৰথমটো বানত ক্ষতি হোৱা শস্য সমূহৰ ক্ষতি পূৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ তথ্য সংগ্ৰহ কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ কথা ঘোষণা কৰাৰ প্ৰসংগত অগপ সভাপতি জনে কয় যে, সেইটো মুখ্যমন্ত্ৰীয়েহে জানে। অসম গণ পৰিষদে মন্ত্ৰী বিচাৰিবনে নাই বুলি কৰা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰতো তেওঁ কয়- কোনো ৰাজনৈতিক মন্তব্য নকৰো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in