নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলয় অগপই

নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলয় অগপই

ডিজিটেল সংবাদ, গুৱাহাটীূঃ বিজেপিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত অমিত শ্বাহে নাগৰিকত্ব সংশোধনী বিধেয়ক কাৰ্যকৰী কৰাৰ কথা কোৱাৰ পাছতে এতিয়া ৰাজনৈতিক দলবোৰৰ মাজত বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত কিছুদিন ধৰি মৌন হৈ থকা অসম গণ পৰিষদ দলেও মঙলবাৰে স্পষ্ট কৰে নিজৰ স্থিতি।

আঞ্চলিকতাবাদী দলটোৱে বিধেয়কখনৰ প্ৰসংগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সৈতে আলোচনাত মিলিত হয়। বৈঠকত দলীয় কৰ্মীসকলৰ অসন্তুষ্টিৰ কথা অৱগত কৰে মুখ্যমন্ত্ৰীক। বৈঠকৰ অন্তত "নাগৰিকত্ব সংশোধনী বিধেয়ক অগপই মানি নলয়" বুলি সংবাদমাধ্যমক জনাই দলৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই। মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকা সভাখনত ৰাজ্যৰ সমস্যা আৰু উন্নয়নমূলক কাম-কাজক লৈও আলোচনা কৰে আঞ্চলিক দলটোৱে।

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যৰ চৌদিশে অব্যাহত আছে প্ৰতিবাদৰ জোৱাৰ। মঙ্গলবাৰে সংবাদমেল পাতি কৃষক নেতা অখিল গগৈয়েও বিধেয়কখনৰ প্ৰসংগত বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in