আঘোণৰ পথাৰত এতিয়া সপোন বুটলাৰ সময়, ব্যস্ততাৰ ওৰ নাই কৃষক-দাৱনীৰ, VIDEO

আঘোণৰ পথাৰত এতিয়া সপোন বুটলাৰ সময়, ব্যস্ততাৰ ওৰ নাই কৃষক-দাৱনীৰ, VIDEO

ডিজিটেল সংবাদ, ৰহাঃ আঘোন আহিল। সোণোৱালী হৈছে আঘোনৰ পথাৰ। পকা ধানে ৰিঙিয়াই মাতিছে কৃষক-দাৱনীক। আঘোন মানেই কৃষকৰ হাঁহি। ভৰা আঘোণে পূৰণ কৰে চহা খেতিয়কৰ সাতোৰঙী স্বপ্ন। সেয়ে এতিয়া কৃষক-দাৱনী ব্যস্ত আঘোনৰ পথাৰত।

এয়া ৰহাৰ নকুছি পথাৰৰ দৃশ্য। নকুছিৰ সোণালী পথাৰত এতিয়া এনেদৰে দেখিবলৈ পোৱা গৈছে জাক জাক দাৱনীৰ সোণগুটি চপোৱাৰ দৃশ্য। পুৱাতে আহি ৰিব ৰিব মলয়াত হালি জালি থকা ধানৰ মুঠিত ধৰি কাঁচি চলাইছে।

জীয়াৰী, বোৱাৰীৰ পৰা আইতা লৈকে এতিয়া ভীষণ ব্যস্ত আঘোনৰ পথাৰত। মুখত বিহুনাম, হৰিনামৰ কলি। নকুছি অঞ্চলত এনেদৰে জীয়াৰী বোৱাৰীয়ে হেদাৰি হৈ ধান কটাত সহায় কৰে ইঘৰে সিঘৰক। নাই ভাগৰ, নাই মনৰ দুখ। আছে কেৱল প্ৰাপ্তিৰ আনন্দ, সন্তোষ্টিৰ হাঁহি।

কৃষকসকলেও এনেদৰে দাৱনীয়ে কাটি যোৱা মুঠি মুঠি ধানৰ ডাঙৰি বান্ধি ঘৰলৈ কঢ়িয়াইছে লখিমীক। লখিমীক চপাই আনন্দে নধৰে কৃষকৰ হিয়া। নহ'বই বা কিয়? আঘোনৰ পথাৰেই যে চহা জীৱনৰ ভৱিষ্যতৰ সপোন, জীয়াই থকাৰ সম্বল।

সেয়ে এতিয়া এনেদৰে হাঁহি আনন্দেৰে সোণগুটি চপোৱাত ব্যস্ত খেতিয়ক পৰিয়াল। এয়া চহা কৃষক জীৱনৰ এক চিৰ পৰিচিত বিতোপন ছবি, আঘোণৰ বিনন্দীয়া দৃশ্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in