কেবৰ বিৰুদ্ধে লখিমপুৰত আটাছুৰ প্ৰতিবাদ…

কেবৰ বিৰুদ্ধে লখিমপুৰত আটাছুৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ, লখিমপুৰঃ কেবৰ বিৰুদ্ধে লখিমপুৰত শুকুৰবাৰে সন্ধিয়া আটাছুয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ কেইবা শতাধিক আটাছু কৰ্মীয়ে জোঁৰ সমদলৰে বিৰ্তকিত বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদত অংশগ্ৰহণ কৰিছে কেন্দ্ৰীয় সমিতিৰ সভাপতি লিটল বুঢ়াগোহাঁই আৰু যুটীয়া সম্পাদক মনোজ গগৈয়ে ৷

গৃহমন্ত্ৰীৰ বৈঠকলৈ এই পৰ্যন্ত আটাছুক নিমন্ত্ৰণ নকৰাৰ কথা সদৰী কৰিছে সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বই ৷ কোনো কাৰণতে জাতি ধ্বংসী বিধেয়ক গৃহিত হবলৈ নিদিয়াৰ হুংকাৰ ৷ লখিমপুৰ চহৰৰ শিৱ মন্দিৰ প্ৰাংগনৰ পৰা চহৰৰ মাজেৰে প্ৰতিবাদী সমদল বাহিৰ কৰে আটাছুৱে ৷

উল্লেখযোগ্য যে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কেব সম্পৰ্কীয় স্হিতিক ক্ষুৰধাৰ সমালোচনা কৰে আটাছুৱে ৷ কেন্দ্ৰীয় সমিতিৰ নেতা মনোজ গগৈৰ মতে দল টোৱে স্ব বিৰোধী স্হিতিত উপনীত হৈছে ৷ জাতিৰ অস্তিত্বৰ সংকটৰ সময়ত আঞ্চলিক দল টোৰ নিৰ্লিপ্ত ভুমিকা ৰহস্যজনক ৷

আনহাতে কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ বৈঠকলৈ এই পৰ্যন্ত আটাছুক নিমন্ত্ৰণ নকৰাৰ কথা সদৰী কৰিছে মনোজ গগৈয়ে ৷ আটাছুৰ মতে সংশোধিত ৰূপত কেব উপস্হাপন হলেও জাতিৰ বাবে অশুভ ফল দায়ক হ'ব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in