ৰাজ্যত পুণৰ সংঘটিত সাংবাদিক আক্ৰমণৰ ঘটনা…

ৰাজ্যত পুণৰ সংঘটিত সাংবাদিক আক্ৰমণৰ ঘটনা…

ডিজিটেল সংবাদ, মানকাচাৰঃ এইবাৰ মানকাচৰত ৰাস্তাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণৰ চেষ্টা মেহমুদ হাছান নামৰ গুণ্ডা ৰূপী ঠিকাদাৰৰ।শুকুৰবাৰে পুৱা প্ৰায় ১১ বজাত হাটশিঙিমাৰীৰ সাংবাদিকৰ দল এটা মানকাচৰৰ কঠালবাৰীত উপস্থিত হৈ এটা পথৰ বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাত গুণ্ডা ৰূপী ঠিকাদাৰ জনে ঘটনাস্থলীত উপস্থিত হৈ সাংবাদিকৰ দলটোক আক্ৰমণৰ চেষ্টা কৰে।

উল্লেখ্য যে, নিম্নমানৰ সামগ্ৰীৰে পথ নিৰ্মাণৰ কাম কৰাৰ লগতে মাটিয়া তেলৰ লগত পানী মিহলাই নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে স্হানীয় ৰাইজে।ইফালে ঠিকাদাৰ জনে নিজৰ দুৰ্নীতিক গাপ দিবলৈ সাংবাদিকৰ ওপৰত ধন বিচৰাৰ মিছা অভিযোগ তুলে যদিও সাংবাদিকৰ দলটো ধন বিচৰাৰ প্ৰমাণ বিচৰাত গুণ্ডা ৰূপী ঠিকাদাৰ জনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

আনহাতে মানকাচৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক ডাঃ মতিউৰ ৰহমান মন্ডলৰ অতি ঘনিষ্ঠ গুণ্ডা ৰূপী ঠিকাদাৰ মেহমুদ হাচানে বাতৰি সংগ্ৰহ কৰা দেখি থৰকাচুটি হেৰুৱাই কেমেৰাৰ সন্মুখতে অসভ্যালি আচৰণ কৰি সাংবাদিকৰ ওপৰত মিছা অভিযোগ তুলি নিজে বাচি যোৱাৰ চেষ্টা চলায়।

এতিয়া প্ৰশ্ন হয়, মানকাচৰ সমষ্টিৰ কংগ্ৰেছী বিধায়কৰ ঘনিষ্ঠ হোৱাৰ বাবেই সাহস পাইছে নেকি সাংবাদিকক আক্ৰমণ কৰাৰ।সম্প্ৰতি উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।শেহতীয়াকৈ দক্ষিণ শালমাৰা মানকাচৰ প্ৰশাসনে ইয়াৰ কি ব্যৱস্থা গ্ৰহণ কৰে এয়া পৰৱৰ্ত্তী সময়ত হে হ'ব লক্ষণীয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in