শেহতীয়া খবৰ
গণৰাজ্য ‌দিৱসৰ প্ৰাকক্ষণত চৰাইদেউত বিস্ফোৰণ...  •  মঙলবাৰে লক্ষ্ণৌলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ  •  গুজৰাটত বিধ্বংসী অগ্নিকাণ্ড  •  নাগৰিকত্ব সংশোধনী আইনে অসমৰ ভাষা, সংস্কৃতি বিপন্ন কৰিব, অসমত ২০২৬ বৰ্ষত হ’বলগীয়া নিৰ্বাচনত অসমীয়াই অস্তিত্ব হেৰুৱাবঃ অগপ বিধায়ক  •  বৰ্ণিল সাংস্কৃতিক বিনিময় অনুষ্ঠানেৰে সামৰণি পৰিল ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ, অসমৰ চহকী কৃষ্টি-সংস্কৃতি দেখি আশ্চৰ্য প্ৰকাশ অষ্ট্ৰেলিয়াৰ পৰ্যটকৰ  •  নগাঁৱৰ জাৰামাৰীত বোৱাৰী হত্যাৰ অভিযোগ, আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামীৰ, আৰক্ষীৰ জালত স্বামী আনছাৰুল ইছলাম  •  বৰহোলাত জোতাৰ দোকানত পিষ্টলসহ গুলী উদ্ধাৰঃ দুজনক গ্ৰেপ্তাৰ  •  সিদ্ধাৰ্থ ভট্টাচাৰ্যই এডমিশ্বন নিদিলে হিমন্তক বিজেপিত এডমিশ্বনে নিদিয়ে, য’তেই পাৱাৰ থাকে তাতেই থাকে হিমন্তঃ তৰুণ গগৈ  •  অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা, সমাজকৰ্মী ভূৱন চন্দ্ৰ শইকীয়াৰ মৃত্যু, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তকে ধৰি দল-সংগঠনৰ শোক প্ৰকাশ  •  নাৰায়ণপুৰত কা বিৰোধী গণ গৰ্জন কাৰ্যসূচীত জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকা, ২১ত জাতিদ্ৰোহী বিজেপিক উৎখাতৰ সংকল্প, VIDEO

মাৰ্কিন সেনাৰ বিমান ঘাটীত ইৰানৰ আক্ৰমণঃ ডোনাল্ড ট্ৰাম্পে ক’লে- ‘অল ইজ ৱেল! কাইলৈ দিম উত্তৰ…’

7,879

ডিজিটেল জেস্কঃ যুদ্ধৰ উত্তাপ ক্ৰমাৎ বৃদ্ধি পাইছে ইৰান-আমেৰিকাৰ মাজত। মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ভাবুকিৰ পিছতো মঙলবাৰে ইৰানে ইৰাকস্থিত আমেৰিকান সেনাৰ বিমান ঘাটীত কেইবাটাও মিছাইলেৰে আক্ৰমণ কৰে। এই আক্ৰমণত ইতিমধ্যে ৮০ জনতকৈও অধিক ‘আমেৰিকান সন্ত্ৰাসবাদী’ নিহত হোৱা বুলি দাবী কৰিছে ইৰানে। আমেৰিকান সৈন্যৰ ঠিকনাত ইৰানৰ এই আক্ৰমণৰ পিছত টুইটযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ডোনাল্ড ট্ৰাম্পে লিখিছে, ‘অল ইজ ৱেল’।

উল্লেখ্য যে, ইৰাকস্থিত আমেৰিকাৰ দূতাবাসত ইৰানে চলোৱা আক্ৰমণৰ পিছতে ইৰানক মুকলি ভাবুকি প্ৰদান কৰিছিল ডোনাল্ড ট্ৰাম্পে। যদি ইৰানে পুনৰ আমেৰিকান নাগৰিক অথবা সম্পত্তিৰ ক্ষতিসাধন কৰে, তেন্তে অতি তৰিৎভাৱে আৰু কঠোৰভাৱে আমেৰিকাই চিনাক্ত কৰি থোৱা ইৰানৰ ৫২টা ঘাটীত আক্ৰমণ কৰিব বুলি সকিয়নী প্ৰদান কৰিছিল ট্ৰাম্পে। কিন্তু এই সকিয়নীৰ মাত্ৰ ৪ দিনৰ পিছতেই ইৰানে আমেৰিকান সেনাৰ বিমান ঘাটীত মিছাইল আক্ৰমণ চলায়।

ইৰানৰ এই আক্ৰমণৰ পিছত মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে টুইটত লিখিছে, ‘অল ইজ ৱেল! ইৰাকস্থিত দুটা সেনাৰ ঠিকনাত ইৰানে মিছাইল আক্ৰমণ চলাইছে। এই আক্ৰমণৰ পিছত হোৱা ক্ষতিৰ হিচাপ কৰি থকা হৈছে। এতিয়ালৈকে সকলো ঠিকেই আছে! আমাৰ ওচৰত বিশ্বৰ সকলোতকৈ শক্তিশালী আৰু সুসজ্জিত সৈন্য বাহিনী আছে। মই কাইলৈ পুৱা এই সন্দৰ্ভত মন্তব্য কৰিম।’

উল্লেখ্য যে, ইৰাকৰ বাগদাদ বিমান বন্দৰত মাৰ্কিন বায়ু সেনাই দ্ৰোণ আক্ৰমণ চলাই ইৰানী জেনেৰেল কাছিম চোলেমানীক হত্যা কৰাৰ পিছতে প্ৰতিশোধৰ অগনিত জ্বলিছে ইৰান। আমেৰিকাৰ সেই আক্ৰমণৰ পিছতে ইৰানে মছজিদত ৰঙা পতাকা উৰুৱাই আমেৰিকাৰ বিৰুদ্ধে যুদ্ধৰ ইংগিত দিছিল। ইফালে মঙলবাৰে আমেৰিকান সেনাৰ ঘাটীত চলোৱা মিছাইল আক্ৰমণৰ পিছতে এয়া আমেৰিকাৰ গালত শোধোৱা এক প্ৰচণ্ড চৰ বুলি মন্তব্য কৰে ইৰানৰ ছুপ্ৰিম লীডাৰ আয়োতল্লাহ আলী খামেনেইয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি