আফস্পা আইন প্ৰত্যাহাৰৰ ৫ দফীয়া প্ৰস্তাবত অনুমোদন নাগালেণ্ড বিধানসভাৰ…

আফস্পা আইন প্ৰত্যাহাৰৰ ৫ দফীয়া প্ৰস্তাবত অনুমোদন নাগালেণ্ড বিধানসভাৰ…

ডিজিটেল সংবাদ ৱাখাঃ নাগালেণ্ডৰ মন জিলাত ৪ আৰু ৫ ডিচেম্বৰ সংঘটিত হোৱা নিৰীহৰ গণহত্যা ঘটনাৰ পিছত নাগালেণ্ডৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰিবলৈ ৰাজ্যজুৰি প্ৰবল জনমত আৰু দাবী উত্থাপিত হোৱাৰ পৰিপ্ৰেক্ষিতত নাগালেণ্ড বিধানসভাৰ বিশেষ অধিবেশন অনুষ্ঠিত হয় । সোমবাৰে বিধানসভাৰ বিশেষ অধিবেশনৰ কাৰ্যসূচী আৰম্ভ কৰি নাগালেণ্ড বিধানসভাৰ অধ্যক্ষ ছাৰিগেইন লংকুমাৰে সদনক অৱগত কৰে যে চলিত ৪ আৰু ৫ ডিচেম্বৰত মন জিলাৰ অটিঙত সংঘটিত ১৪ গৰাকী নিৰীহৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত এই বিশেষ অধিবেশন আহবান কৰা হৈছে ।

অটিঙৰ ঘটনাক এক বেয়া ঘটনা বুলি অভিহিত কৰি লংকুমাৰে কয় নাগালেণ্ডত ১৯৯৭চনৰ পৰা বলৱৎ হৈ থকা সশস্ত্ৰ বিহিনী বিশেষ ক্ষমতা আইন ১৯৫৮ , অৰ্থাৎ আফস্পাৰ কুপৰিণামেই হ'ল অটিঙৰ গণহত্যা ঘটনা । তেওঁ নাগালেণ্ডৰ পৰা আফস্পা বাতিলৰ বাবে দাবী জনাবলৈ সকলোকে আহবান জনায় । ইয়াৰ পাছতে নাগালেণ্ড বিধানসভাই নাগালেণ্ডৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন ১৯৫৮, অৰ্থাৎ আফস্পা প্ৰত্যাহাৰ বাবে নাগালেণ্ড বিধানসভাই দাবী জনাই সৰ্বসন্মতি ক্ৰমে ৫ দফীয়া প্ৰস্তাব অনুমোদন জনায় ।

প্ৰস্তাব অনুসৰি সদনে মন জিলাৰ অটিঙৰ ঘটনা নিহত হোৱা পৰিয়ালক ন্যায় দিবলৈ সকলো বিধায়ক আফস্পা বাতিলৰ বাবে সংকল্পবদ্ধ হয় । মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৱে সদনক সম্বোধন কৰি ৫ দফীয়া প্ৰস্তাৱ উত্থাপন কৰে । আফস্পা প্ৰত্যাহাৰৰ প্ৰস্তাব মৌখিক ভোটত অনুমোদন হোৱাৰ পিছত ৰিঅ'ৱে ৫ দফীয়া প্ৰস্তাব সদনত দাঙি ধৰে। সদনে ৪ আৰু ৫ ডিচেম্বৰৰ মন জিলাৰ অটিঙত হোৱা নৰসংহাৰ ঘটনাক নিন্দা কৰে । এই মানৱীয় নৰসংহাৰ ঘটনা সংঘটিত কৰা সেনা ২১ নং পেৰা কমাণ্ডোৰ বিষয়া-জোৱানক ক্ষমা খুজিবলৈ আহবান জনায়।

সদনে জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি নাগালেণ্ডৰ জাতীয় দল -সংগঠনক মন জিলাৰ পৰিস্থিতি স্বাভাৱিক কৰিবলৈ আহবান জনায়। শান্তি আৰু ন্যায় প্ৰাপ্তিৰ বাবে গণতান্ত্ৰিক নীতিৰে আন্দোলন কৰিবলৈ আহবান জনায় । প্ৰস্তাবত সদনে নাগৰিক সমাজ আৰু নাগৰিক সংগঠন সমূহে আফস্পা বাতিল কৰিবলৈ উত্থাপন কৰা দাবীক প্ৰসংশা আৰু সমৰ্থন কৰে । সদনে বিধানসভাত ইণ্ডো -নাগা শান্তি আলোচনাকাৰীক শীঘ্ৰে এক সন্মানজনক সকলোকে সামৰি গ্ৰহণযোগ্য মীমাংসাত উপনিত হবলৈ আহবান জনায় । নাগালেণ্ড বিধানসভাই উত্তৰ পূৰ্বাঞ্চলৰ পৰা আফস্পা প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাবলৈ সংকলবদ্ধ হয় । যাতে নগা ৰাজনৈতিক সমস্যা সমাধানৰ প্ৰয়াসক অধিক শক্তিশালী কৰিব পৰা যায়।

আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নাগা পিপলছ ফ্ৰণ্টৰ নেতা টি আৰ জেলিয়াঙে কয় যে আফস্পা নিৰীহ হত্যাৰ লাইচেন্সৰ দৰে। তেওঁ কয় যে আফস্পা বাবে উত্তৰ পূৰ্বাঞ্চলত ২০ হাজাৰ নিৰীহ লোকৰ প্ৰাণ গৈছে । গতিকে এই আইন বাতিল হ'ব লাগে ।
উল্লেখযোগ্য আফস্পা আইন বাতিলৰ বাবে নাগালেণ্ড বিধানসভাই ইতিমধ্যে ১৯৭১ ,২০১৫ আৰু ২০২১ চনত মুঠ তিনিবাৰকৈ প্ৰস্তাৱ অনুমোদন কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in