আফগানিস্তানত ভোট গ্ৰহণৰ মাজতে তালিবানীৰ সন্ত্ৰাস, নিহত ১১

আফগানিস্তানত ভোট গ্ৰহণৰ মাজতে তালিবানীৰ সন্ত্ৰাস, নিহত ১১

ডিজিটেল ডেস্কঃ আফগানিস্তানত শনিবাৰে আৰম্ভ হোৱা সংসদীয় নিৰ্বাচনৰ ভোটদানৰ মাজতে দেশখনৰ বিভিন্ন প্ৰান্তত বোমা বিস্ফোৰণ আৰু গুলীবৰ্ষণ কাণ্ড সংঘটিত হয়৷ দেওবাৰে পুনৰ সংঘটিত হোৱা এক বোমা বিস্ফোৰণত কেইবাজনো লোক নিহত হোৱাৰ লগতে অৰ্ধশতাধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে৷

দ্য' এছ'চিয়েটেড প্ৰেছৰ বাতৰি অনুসৰি, সংসদীয় নিৰ্বাচনৰ দ্বিতীয় দিনা আফগানিস্তানৰ পুৱ ননগৰাহ প্ৰান্তত পথৰ দাঁতিত এক বোমা বিস্ফোৰণত ১১ নাগৰিক নিহত হয়৷ ভোটদানৰ সময়ত অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰাৰ বাবে দেশখনৰ প্ৰশাসনে হাজাৰ হাজাৰ নিৰাপত্তাৰক্ষী মোতায়েম কৰিছে যদিও বিস্ফোৰণ আৰু গুলীবৰ্ষণ কাণ্ড ৰোধ হোৱা পৰিলক্ষিত হোৱা নাই৷

উল্লেখ্য যে, দেশখনৰ সংসদীয় নিৰ্বাচনত তালিবানী সংগঠনে ভোটদান বহিস্কাৰ কৰাৰ লগতে সাধাৰণ নাগৰিককো ভোটদানৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিল৷ কিন্তু দেশখনৰ নাগৰিকে ভোট দিবলৈ ওলাই অহাত তালিবানে বিস্ফোৰণ আৰু গুলীবৰ্ষণৰে ত্ৰাসৰ সৃষ্টি কৰে৷

ইফালে, ভোটদানৰ মাজতে যান্ত্ৰিক বিজুতি আৰু তালবানী সেনাৰ ভাবুকিৰ পিছত কেইবাটাও ভোট কেন্দ্ৰত ভোটদান পৰ্ব স্তব্ধ হৈ পৰাৰ লগতে আন কেইবাটাও কেন্দ্ৰত বহু পলমকৈ ভোটদান আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে৷ আফগানিস্তানৰ কাবুলত তালিবানীৰ আক্ৰমণত ৩ লোক নিহত হোৱাৰ লগতে ৩০ৰো অধিক লোক আহত হোৱা বুলি খবৰ পোৱা গৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in