আফগানিস্তানত জেল ভাঙি পলাল ৭৫ কয়দী, কিন্তু কেনেকৈ…

আফগানিস্তানত জেল ভাঙি পলাল ৭৫ কয়দী, কিন্তু কেনেকৈ…

ডিজিটেল ডেস্কঃ আফগানিস্তানৰ এখন কাৰাগাৰৰ পৰা জেল ভাঙি ৭৫ জন কয়দী পলায়ন কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইচিচে দেওবাৰে সন্ধিয়া জলালাবাদৰ পূৱ অঞ্চলৰ এখন কাৰাগাৰত এক ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছিল। কাৰাগাৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে কাৰাগাৰত আৱদ্ধ হৈ থকা কয়দীসকলক পলুৱাই নিবৰ বাবে দেওবাৰে সন্ধিয়া কাৰাগাৰৰ গেটত ধাৰাবাহিকভাৱে কেইবাটাও বোমা বিস্ফোৰণ সংঘটিত কৰিছিল উগ্ৰপন্থী সংগঠনটোৱে।

সমান্তৰালভাৱে কাৰাগাৰখনৰ নিৰাপত্তাৰ দায়িত্বত থকা আফগানী সুৰক্ষাবলৰ জোৱানসকলক উদ্দেশ্যি গুলী চালনা কৰিছিল উগ্ৰপন্থী সংগঠনটোৱে। এই আক্ৰমণত পাঁচজন নাগৰিক নিহত হোৱাৰ লগতে প্ৰায় ৪০ জন লোক আহত হৈছে। আৰু উগ্ৰপন্থীৰ এই আক্ৰমণৰ মাজতে কাৰাগাৰখনৰ মুঠ ৭৫জন কয়দী পলাই যাবলৈ সক্ষম হয়।এই সমগ্ৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে ইছলামিক সন্ত্ৰাসবাদী সংগঠনটোৱে।

আফগান আৰক্ষীয়ে এই ঘটনা সংঘটিত হোৱাৰ পাছত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু পলাই যোৱা কয়দীসকলক পুনৰ কৰায়ত্ব কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। উল্লেখ্য যে আফগান সেনাৰ স্পেচিয়েল ফ'ৰ্চে জলালাবাদত আইচিচৰ কেইবাজনো শীৰ্ষ নেতাক গুলীয়াই হত্যা কৰিছিল, আৰু এই ঘটনাৰ প্ৰতিশোধ ল'বলৈকে উগ্ৰপন্থী সংগঠনটোৱে এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in