আফগানিস্তান চৰকাৰৰ নেতাৰ বিৰুদ্ধে আক্ৰমনাত্মক তালিবানঃ প্ৰেৰণ কৰিছে সতৰ্কবাণী

আফগানিস্তান চৰকাৰৰ নেতাৰ বিৰুদ্ধে আক্ৰমনাত্মক তালিবানঃ প্ৰেৰণ কৰিছে সতৰ্কবাণী

ডিজিটেল ডেস্কঃ সন্ত্ৰাসজৰ্জৰ আফগানিস্তানৰ পৰিস্থিতি অধিক অৱনতি ঘটিছে। ৰাষ্ট্ৰখনত তালিবানৰ আগ্ৰাসন বৃদ্ধি পাই অহাৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে সন্ত্ৰাসমূলক কাৰ্যকলাপ। একেসময়তে ৰাষ্ট্ৰখনৰ চৰকাৰৰ নেতাৰ বিৰুদ্ধে অধিক আক্ৰমনাত্মক হৈ উঠিছে সন্ত্ৰাসবাদী সংগঠনটো। মঙ্গলবাৰে সংগঠনটোৱে আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বিৰুদ্ধে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰাৰ পাছত বুধবাৰে সন্ত্ৰাসবাদী সংগঠনটোৱে চৰকাৰলৈ সতৰ্কবাণী প্ৰেৰণ কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰই আফগানিস্তানৰ পৰা নিজৰ সেনাবাহিনী প্ৰত্যাহাৰ কৰাৰ পাছতেই তালিবানে ক্ৰমান্বয়ে আফগানিস্তানত আগ্ৰাসী ৰূপ ধাৰণ কৰিছে। দেশখনৰ বিভিন্ন প্ৰান্তত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা চলাইছে। তালিবানৰ এনে ভয়ংকৰ উত্থানৰ বাবেই আফগানিস্তানৰ সেনাৰ লগত যুদ্ধৰ সৃষ্টি হৈছে।

ৰাষ্ট্ৰখনত সৃষ্টি হৈ থকা এনে যুদ্ধৰ মাজতে মঙ্গলাবাৰে আফগানিস্তানৰ প্ৰতিৰক্ষামন্ত্ৰী বিছমিল্লাহ মোহম্মদীৰ ওপৰত আক্ৰমণ চলাই। বোমা আৰু গুলীৰে চলোৱা এই আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা কৰিছে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ। ইয়াৰ পাছতে তালিবানে সতৰ্কবাণী প্ৰেৰণ কৰিছে, চৰকাৰে তালিবানৰ বিৰুদ্ধে যিমানে বোমাৰে আক্ৰমণ কৰিব সিমানেই চৰকাৰী নেতাৰ বিৰুদ্ধে অনুৰূপ আক্ৰমণ সংঘটিত কৰিব তালিবানে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in