প্ৰদীপ দত্তৰ হুংকাৰত বৰাকৰ পৰা আঁতৰিল অসমীয়া ভাষাৰ হৰ্ডিং

প্ৰদীপ দত্তৰ হুংকাৰত বৰাকৰ পৰা আঁতৰিল অসমীয়া ভাষাৰ হৰ্ডিং

ডিজিটেল ডেস্কঃ অসমীয়া ভাষাৰ যেন দুৰ্দিন চলিছে এইখন অসমতে। বিভিন্ন সময়ত অসমীয়া ভাষাক কেন্দ্ৰ কৰি সৃষ্টি হৈ অহা বিতৰ্কৰ সময়তে ২৪ নৱেম্বৰ ২০২১, বুধবাৰে বঙাইগাওঁ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত ড০ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকত লোৱো বিভিন্ন সিদ্ধান্ত সমূহৰ ভিতৰত অন্যতম আছিল এ চি এছ বা এ পি এছ চিৰ পৰীক্ষাত এতিয়াৰে পৰা বাধ্যতামূলক নহ'ব অসমীয়া ভাষা।

খোদ ৰাজ্য চৰকাৰে এইদৰে অসমীয়া ভাষাক গুৰুত্বহীন কৰাৰ ২৪ ঘণ্টাৰ পিছতেই এইবাৰ সততে অসমীয়া ভাষাক কেন্দ্ৰ কৰি বিতৰ্কৰ সূত্ৰপাত হৈ থকা বৰাকত পুনৰ তথাকথিত বঙালি সংগঠনৰ নেতাৰ হুংকাৰত বিতাৰিত হ'ল অসমীয়া ভাষা। মাত্ৰ কেইটান দিনৰ পূৰ্বে বৰাকত চৰকাৰী হৰ্ডিংত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ বাবেই ক'লা ৰং সানি অসমীয়া ভাষাক চূড়ান্ত অপমান কৰিছিল। অসমীয়া ভাষাৰ ওপৰত চলা সেই আক্ৰমণৰ ক্ষোভ আৰু বেদনা মাৰ নৌযাওঁতেই পুনৰ অসমীয়া ভাষাক বৰাকৰ পৰা বিতাৰণ কৰাক লৈ এতিয়া সৃষ্টি হৈছে পুনৰ বিতৰ্ক।

উল্লেখ্য যে, কোভিড-১৯ৰ সজাগতা সৃষ্টিৰ বাবে শিলচৰত জিলা প্ৰশাসনে আঁৰিছিল এখন হৰ্ডিং। হৰ্ডিংখন আছিল অসমীয়া ভাষাত। অসমীয়া ভাষাত হৰ্ডিংখন থকৰা বাবে বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ বতিৰ্কিত নেতা প্ৰদী দত্তই সেই হৰ্ডিং আঁতৰাবলৈ জিলা প্ৰশাসনক সময়সীমা নিৰ্ধাৰণ কৰি দিছিল। ২৪ ঘণ্টাৰ ভিতৰত সেই হৰ্ডিং আঁতৰাবলৈ দাবী কৰা প্ৰদীপ দত্তৰ কথাকেই যেন মানি ল'লে শিলচৰ জিলা প্ৰশাসনে।

প্ৰদীপ দত্তৰ হুংকাৰৰ পিছতেই সেই বিশেষ স্থানৰ পৰা আঁতৰ হ'ল অসমীয়া ভাষাৰ হৰ্ডিংখন। এইদৰে বাৰে বাৰে বৰাকত অসমীয়া ভাষাক চূড়ান্তভাৱে অপমান কৰি থকাত এতিয়া সচেতন ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিতৰ্কিত প্ৰদীপ দত্তৰ হুংকাৰত জিলা প্ৰশাসনে অসমীয়া ভাষাৰ হৰ্ডিং আঁতৰ কৰোৱাৰ বাবে এতিয়া জিলা প্ৰশাসনো সমালোচনাৰ সন্মুখীন হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in