বৃহস্পতিবাৰৰ পৰা গুৱাহাটীৰ লগতে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত পূৰ্বৰ দৰে নিয়মীয়াকৈ লাভ কৰিব বাতৰি কাকত, প্ৰশাসনে লৈছে পদক্ষেপ…

বৃহস্পতিবাৰৰ পৰা গুৱাহাটীৰ লগতে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত পূৰ্বৰ দৰে নিয়মীয়াকৈ লাভ কৰিব বাতৰি কাকত, প্ৰশাসনে লৈছে পদক্ষেপ…

ডিজিটেল ডেস্কঃ বাতৰি কাকতৰ বিতৰণৰ হকে তৎপৰ হৈছে আৰক্ষী-প্ৰশাসন। বৃহস্পতিবাৰৰ পৰা সমগ্ৰ ৰাজ্যতে পূৰ্বৰ ধৰণেৰে বিতৰণ কৰা হ'ব বাতৰি কাকত। অৱশ্যে এতিয়াৰে পৰা হকাৰ তথা বিতৰকসকলে মাস্ক পৰিধান কৰাৰ লগতে হেণ্ড চেনিটাইজ কৰিহে বিতৰণ কৰিব বাতৰি কাকত। লগতে তেওঁলোকে প্ৰতিজন গ্ৰাহকৰ পৰা এক মিটাৰ দুৰত্ব বজাই ৰাখি যোগান ধৰিব বাতৰি কাকত। বিশ্বত কোৰোনা ভাইৰাছৰ সন্ত্ৰাসক লৈ সৃষ্টি হোৱা উৰা বাতৰিৰ বাবে ৰাজ্যজুৰি বুধবাৰে বাতৰি কাকতৰ বিতৰণ কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাই দেখা দিছিল।

বুধবাৰে দুপৰীয়াৰ ভাগত ৰাজ্যৰ কেবাখনো জিলাৰ আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তৰ তৎপৰতাৰ পিছতে বৃহস্পতিবাৰৰ পৰা পুনৰ নিয়মীয়াকৈ বিতৰণ কৰা হ'ব বাতৰি কাকত। ইতিমধ্যে হকাৰ তথা বিতৰকসকলক বাতৰি কাকত বিতৰণৰ ক্ষেত্ৰত আৰক্ষীৰ লোকসকলকো বিভিন্ন স্থানত সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়া হৈছে।

কোৰোনা ভাইৰাছৰ সংক্ৰমণক লৈ সৃষ্টি হোৱা উৰাবাতৰিৰ বাবে ৰাজ্যত বাতৰি কাকত বিতৰণ কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাত পৰিছিল হকাৰসকল। তাৰ পিছতে কেন্দ্ৰীয় তথ্য আৰ সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নিৰ্দেশৰ পিছতে ৰাজ্যৰ মুখ্য সচিবেও উপায়ুক্তসকলক বাতৰি কাকত বিতৰণত যাতে হকাৰসকলৰ কোনো অসুবিধাৰ সন্মুখীন নহয় সেই বিষয়ত চকু দিবলৈ নিৰ্দেশ দিছিল।

ইতিমধ্যে মঙলদৈৰ চহৰীয়া এজেন্সিৰ লগতে ৰাজ্যৰ একাংশ এজেন্সিয়ে বিতৰকসকলৰ বাবে মাস্কৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, লকডাউনৰ সময়ত যাতে সংবাদমাধ্যমৰ লোকসকলৰ কোনো অসুবিধা নহয় সেই কথাত চকু দিবলৈও দেশবাসীক আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। উল্লেখ্য যে, গুৱাহাটী মহানগৰীকে আদি কৰি লখিমপুৰ, নগাওঁ ইত্যাদিৰ লগতে ৰাজ্যৰ আন আন স্থানসমূহতো বুধবাৰৰ পৰা নিয়মীয়াকৈ গ্ৰাহকসকলে বাতৰি কাকত লাভ কৰিব। প্ৰশাসনে বাতৰি কাকত গ্ৰাহকসকলক প্ৰদান কৰাৰ ক্ষেত্ৰত বিতৰকসকল যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ ব্যৱস্থা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in