আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহ গুৱাহাটীস্থ প্ৰতিস্থানৰ, প্ৰশাসনক তদন্তৰ দাবী ভুক্তভোগী ৰাইজৰ…

আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহ গুৱাহাটীস্থ প্ৰতিস্থানৰ, প্ৰশাসনক তদন্তৰ দাবী ভুক্তভোগী ৰাইজৰ…

ডিজিটেল সংবাদ,ঢকুৱাখনা: ক্ৰমাৎ প্ৰহসনত পৰিণত হোৱাৰ দিশত গতি কৰিছে ৰাজ্যত চলি থকা আধাৰকাৰ্ড প্ৰস্তুতৰ কাম। ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰি চলি থকা এই চৰকাৰী কামৰ হাজাৰটা বিসংগতি শেহতীয়াকৈ ৰাজ্যেৰ চাৰিওফালে পোহৰলৈ আহিছে। ইয়াৰ লগতে পুৱাৰ পৰা দীঘলীয়া লাইন পাতি এখন ফৰ্মৰ বাবে হাহাকাৰ কৰিব লগা হোৱা প্ৰতিজন লোকক আধাৰ কাৰ্ডৰ মূল মাষ্টাৰ কাৰ্ডখন প্ৰস্তুত কৰি দিয়াৰ নামত যে এক ভয়ংকৰ দুৰ্নীতি সংঘটিত হৈছে সেয়া ক্ৰমাৎ পোহৰলৈ আহিছে।

উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন স্থানত একাংশ বেংক,উন্নয়ন খণ্ড, ৰাজহ চক্ৰ আৰু নগৰ সমিতিৰ কাৰ্যালয়ত বাহৰ পাতি গুৱাহাটীস্থ এটা প্ৰতিস্থানে আধাৰ কাৰ্ড প্ৰদানৰ নামত অনলাইন আবেদন কৰোৱাই প্ৰতিজনৰ পৰা ধন সংগ্ৰহ কৰাৰ পিছত যোৱা ১৫ মাহেও কাৰ্ড লাভ নকৰাত ঢকুৱাখনাৰ মৰনৈ বেবেজীয়াৰ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি দেশৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত ৰাইজৰ সুবিধাৰ্থে আধাৰ কাৰ্ড বনোৱাৰ বাবে অনলাইন সেৱা কেন্দ্ৰ স্থাপন কৰিছিল একাংশ দায়িত্ববাহী প্ৰতিস্থানে। ইয়াৰ অংশৰূপে ঢকুৱাখনা মহকুমাৰ ভিতৰতে প্ৰথমটো আধাৰ কাৰ্ডৰ সেৱা কেন্দ্ৰ স্থাপন হৈছিল ঘিলামৰা থানাৰ মৰনৈ বেবেজীয়াৰ মাজগাঁওস্থিত এলাহাবাদ বেংকৰ কাৰ্যালয়ত।

২০১৮ বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই এই সেৱা কেন্দ্ৰটোৰ জড়িয়তে বহু লোকে নিৰ্দিষ্ট প্ৰ-পত্ৰ জমা দি আধাৰ কাৰ্ড পাবৰ বাবে অনলাইন আবেদন কৰিছিল সংশ্লিষ্ট সেৱা কেন্দ্ৰৰ অপাৰেটৰজনৰ জড়িয়তে। আধাৰ কাৰ্ডৰ বাবে আবেদনকাৰী লোকসকলে চকুৰ ৰেটিনা স্কেন,হাতৰ চাপ,আঙুলিৰ চাপ ইত্যাদি দিয়াৰ পিছত আধাৰৰ স্মাৰ্ট (মাষ্টাৰ)কাৰ্ড লাভৰ বাবে প্ৰতিজনকে গুৱাহাটীৰ জি,এছ,ৰোডস্থিত- নেশ্ব'( NESWO) নামৰ প্ৰতিস্থানটোৰ নামত থকা-৫০৪১৬১৪৭৭৩৫ এই বেংক একাউন্টত -১১৮ টকাকৈ জমা দিবলৈ কৈছিল।

সেইমতে প্ৰতিজনেই উল্লেখিত বেংক একাউন্টত টকা জমা কৰিছিল । পিছে এইদৰে টকা জমা কৰাৰ আজি ১৫ মাহ উকলি যোৱাৰ পিছতো ঢকুৱাখনাৰ বহুলোকে লাভ কৰা নাই আধাৰৰ স্মাৰ্ট (মাষ্টাৰ) কাৰ্ডৰ কপি। এই সন্দৰ্ভত বাৰম্বাৰ বেবেজীয়া এলাহাবাদ বেংকৰ আধাৰ সেৱা কেন্দ্ৰৰ অপাৰেটৰক খবৰ কৰা হৈছে যদিও কোনো স্পষ্ট উত্তৰ পোৱা নাই লোকসকলে। সংবাদ মাধ্যমৰ হাতত পৰা তথ্য অনুসৰি-এনৰল্টমেন্ট নং-০৬৬১/১৫৬২১/০০২৩৭ আৰু-০৬৬১/১৫৬২১/০০২৪২ দুইগৰাকীলোকে নিজৰ যাৱতীয় নথি পত্ৰ জমা দি চকুৰ ৰেটিনা স্কেন, হাতৰ চাপ,আঙুলিৰ চাপ দি বেবেজীয়া এলাহাবাদ বেংকস্থিত আধাৰ সেৱা কেন্দ্ৰত অপাৰেটৰৰ জড়িয়তে আবেদন জনাইছিল -২০১৮ চনৰ ২৭ ফেব্ৰুৱাৰীতে। আৰু উক্ত দিনাই নেশ্ব'(NESWO) জি,এছ,ৰোড গুৱাহাটীৰ একাউন্ট নম্বৰ–৫০৪১৬১৪৭৭৩৫-ত জি,এছ,টি-১৮ টকা আৰু -১০০ টকা সহ মুঠ-১১৮ টকাকৈ দুয়োজনে জমা কৰিছিল।

তাৰ কিছু দিনৰ পিছত ডাকযোগে আধাৰ কাৰ্ডৰ এটাকৈ প্ৰিন্ট কৰা প্ৰতিলিপি লাভ কৰিলে যদিও আজি ১৫ মাহ পাৰ হোৱাৰ পিছতো মুল আধাৰ স্মাৰ্ট (মাষ্টাৰ)কাৰ্ডৰ কপি লাভ কৰা নাই। দুয়োজন আবেদনকাৰীয়ে এলাহাবাদ বেংকৰ শাখাত গৈ আধাৰ সেৱা কেন্দ্ৰৰ অপাৰেটৰক বিষয়টো অৱগত কৰিও একো সুফল পোৱা নাই।

এই সেৱা কেন্দ্ৰটোত বৰ্তমানলৈকে তিনিজনকৈ অপাৰেটৰ সলনি হ'ল যদিও কামৰ কোনো শৃংখলা নাই। উল্লেখিত দুজন লোক মাত্ৰ উদাহৰণ। ঢকুৱাখনা, ঘিলামৰাৰ এনে বহু লোকৰ পৰা আধাৰ কাৰ্ড প্ৰদানৰ নামত এইদৰে হাজাৰ হাজাৰ লোকৰ পৰা বেংক একাউন্টযোগে-১১৮ টকাৰ পৰা -১৫০ টকা পৰ্যন্ত লৈ গুৱাহাটীস্থ নেশ্ব'(NESWO)নামৰ প্ৰতিস্থানটোৱে বৃহৎ অনিয়ম আৰু অৰ্থনৈতিক কেলেংকাৰী কৰি আহিছে। এই ক্ষেত্ৰত ভুক্তভোগীৰ লগতে ঢকুৱাখনাৰ সচেতন ৰাইজে জিলা উপায়ুক্তক এক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in