বলিউদৰ মোহময়ী অভিনেত্ৰীৰ অকাল মৃত্যু…

বলিউদৰ মোহময়ী অভিনেত্ৰীৰ অকাল মৃত্যু…

ডিজিটেল জেস্কঃ বলিউদৰ পৰা আহিছে আন এটা বেয়া খবৰ। সুশান্ত সিং ৰাজপুতৰ পাছতে নিচেই কম বয়সতে মৃত্যু হল বলিউদৰ মোহময়ী অভিনেত্ৰী দিব্যা চৌকেছে। বিগত প্ৰায় ডেৰ বছৰ ধৰি কেন্সাৰৰ সৈতে যুজঁ দি অৱশেষত দেওবাৰে শেষ নিশ্বাস এৰিলে অভিনেত্ৰীগৰাকীয়ে।

মৃত্যুৰ সময়ত দিব্যাৰ বয়স আছিল মাত্ৰ ২৮বছৰ। দিব্যাই বলিউদত খোজ থৈছিল ২০১৬চনত মুক্তি পোৱা হ্যে অপনা দিল টু আৱাৰা' ছবিৰ জৰিয়তে। মডেল জগতৰ এটা চিনাকি না্ম আছিল দিব্যা। গৃহ চহৰ ভুপালতে শেষ নিশ্বাস ত্যাগ কৰা দিব্যাই কিছু দিনৰ পূ্ৰ্বে ছ'চিয়েল মিডিয়াত তেওঁৰ স্বাস্থ্যৰ অৱনতিৰ বিষয়ে সদৰি কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in