শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  অসমত আকৌ ২০৭৩জনৰ কোভিড পজিটিভ...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...

সুশান্তৰ পাছত এইবাৰ সমীৰৰ আত্মহত্যা, আৰক্ষীৰ তদন্ত অব্যাহত…

526

ডিজিটেল ডেস্কঃ মুম্বাইত পুনৰ সংঘটিত হৈছে আত্মহত্যাৰ ঘটনা। এগৰাকী জনপ্ৰিয় অভিনেতাই বৃহস্পতিবাৰে কৰিলে আত্মহনন। টেলিভিছনৰ পৰিচিত অভিনেতা সমীৰ শৰ্মাই কৰিলে আত্মহত্যা। মহানগৰীখনৰ মালাডস্থিত নিজা বাসগৃহত ফেনত চীপ লোৱা অৱস্থাত উদ্ধাৰ হয় অভিনেতা গৰাকীৰ মৃতদেহ। ইফালে, আৰক্ষীয়ে কয় যে, দুদিন পূৰ্বেই মৃত্যু হৈছে সমীৰৰ।

উল্লেখ্য যে, ‘কিও কি চাঁস ভী কভী বহু থী’, ‘ঘৰ ঘৰ কি কাহিনী’, ‘য়ে ৰিস্তা হ্যে প্যাৰ কে’ আদিকে ধৰি বহু জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰিছিল ৪৪ বৰ্ষীয় সমীৰ শৰ্মা । কিছুদিন পূৰ্বে সুশান্ত সিং ৰাজপুতৰ সন্দৰ্ভত ছ’চিয়েল মেডিয়াত প’ষ্ট দিছিল সমীৰে। সুশান্তৰ এনেদৰে মৃত্যু হ’ব নোৱাৰে বুলি টুইটাৰত লিখিছিল সমীৰে। দিশা চেলিয়ান,  সুশান্তৰ পিছত সমীৰৰ ‘আত্মহত্যা’ৰ ঘটনাই পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বলীউডত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি