জঘন্য, বৰ্বৰ! বাজপেয়ীৰ নশ্বৰ দেহৰ সমুখতে স্বামী অগ্নিৱেশক আক্ৰমণ

জঘন্য, বৰ্বৰ! বাজপেয়ীৰ নশ্বৰ দেহৰ সমুখতে স্বামী অগ্নিৱেশক আক্ৰমণ

ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুক লৈ সমগ্ৰ দেশে ৰাষ্ট্ৰীয় শোক পালন কৰাৰ সময়তে শুকুৰবাৰে সংঘটিত হ'ল এক জঘন্য ঘটনা। যিগৰাকী নেতাই শত্ৰুকো আকোৱালি ল'বলৈ কুণ্ঠাবোধ কৰা নাছিল সেইগৰাকী নেতাক শ্ৰদ্ধাঞ্জলি জনাবলৈ যোৱাৰ সময়তে গণ প্ৰহাৰৰ সন্মুখীন হ'বলগীয়া হ'ল দেশৰ এজন আগশাৰীৰ সমাজকৰ্মী।

আচৰিত ধৰণে এই বৰ্বৰোচিত আক্ৰমণ সংঘটিত হ'ল দিল্লীস্থিত বিজেপিৰ কাৰ্যালয়ৰ সমীপতে। আক্ৰমণ সংঘটিত কৰিলে দলটোৰে একাংশ সমৰ্থকে। বিজেপিৰ সৈতে দেশৰ এইজন পৰিচিত লোকৰ আদৰ্শগত মিল নথকা বাবেই এনে কু-কাৰ্য সংঘটিত কৰিলে একাংশ উন্মাদ লোকে।

বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈ এনেদৰে বিজেপি কাৰ্যালয়ৰ সমুখত আক্ৰমণৰ বলি হোৱা এইগৰাকী বিশেষ ব্যক্তি হৈছে স্বামী অগ্নিবেশ। কিছুদিন পূৰ্বে ঝাৰখণ্ডতো বিজেপিৰ যুৱ মৰ্চাৰ একাংশ লোকৰ হাতত কেমেৰাৰ সমুখতে প্ৰহৃত হৈছিল এইজন বিশিষ্ট সমাজকৰ্মী। সেই আক্ৰমণৰ ঘটনাও বৰ্বৰ আৰু নিন্দনীয় আছিল যদিও আজিৰ ঘটনাটো তাতকৈও অধিক নিন্দনীয় বিবেচিত হৈছে।

প্ৰকাশিত বাতৰি মতে, প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক অন্তিম শ্ৰদ্ধা জনাবলৈ বিজেপিৰ কাৰ্যালয়ৰ সমীপত উপস্থিত হোৱাৰ সময়তে সংবাদ মাধ্যমৰ কেমেৰাৰ সমুখতে সংঘটিত হয় এই আক্ৰমণৰ ঘটনা। কেমেৰাৰ ফুটেজত দেখা গৈছে যে গেৰুৱা বসন পৰিহিত ৭৯ বৰ্ষীয় স্বামী অগ্নিৱেশ উপস্থিত হোৱাৰ লগে লগে একাংশ লোকে উত্তেজিত হৈ তেওঁক অনুসৰণ কৰিছে। উত্তেজিত লোকসকলে 'এইজন দেশদ্ৰোহী, এইজন দেশদ্ৰোহী' বুলি চিঞৰ-বাখৰ লগাই আৰু তাৰ মাজতে এজনে অগ্নিবেশৰ পাগুৰিটো টানি আনে।

লগে লগে আৰক্ষীয়ে অগ্নিৱেশক সেই ঠাইৰ পৰা এখন ভেনত উঠাই নিৰাপদে আঁতৰাই নিয়ে। আৰক্ষীয়ে অগ্নিৱেশক সুৰক্ষা প্ৰদান কৰি লৈ যোৱাৰ সময়তো উত্তেজিত লোকসকলে এৰি দিয়া নাছিল আক্ৰমণ চলোৱাৰ চেষ্টা।

'মই বাজপেয়ীক অন্তিম শ্ৰদ্ধা জনাবলৈ সেই ঠাইত উপস্থিত হৈছিলো। আৰক্ষী থকা বাবে মই নিৰ্ভয়ে আগবাঢ়িছিলো। মই ভাবিবই পৰা নাছিলো যে এনে এটা দিনতো এইধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে। কিন্তু সেয়াই হ'ল। মই তলকিব পৰাৰ আগতেই গুণ্ডাবাহিনীয়ে আহি মোক আক্ৰমণৰ চেষ্টা চলালে। সিহঁতে মোক ঘোঁচা মাৰি টানিবলৈ চেষ্টা চলাই পাগুৰি খুলি দিছে। এয়া নৈতিকতাৰ চূড়ান্ত স্খলন। এনে লোকসকল বাজপেয়ীৰ নশ্বৰ দেহৰ কাষলৈকে অহাৰ যোগ্য নহয়'।– ঘটনাটোৰ পিছত সংবাদ মাধ্যমৰ আগত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে অগ্নিৱেশে।

ইফালে বাজপেয়ীক শেষ শ্ৰদ্ধা জনাবলৈ যোৱাৰ সময়ত সংঘটিত হোৱা এই ঘটনাক লৈ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ছ'চিয়েল মিডিয়াত মুহূৰ্ততে বিয়পি পৰিছে এই বৰ্বৰোচিত কাণ্ড। আদৰ্শগত সংঘাত থাকিল বুলিয়েই শেষ শ্ৰদ্ধা জনাবলৈ যোৱাত বাধা প্ৰদান কৰা লোকসকল মানুহৰ শাৰীত নপৰে বুলিও ছ'চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসংখ্যাজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in