ৰহাত দুৰ্ঘটনাত পতিত প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বাহন, VIDEO

ৰহাত দুৰ্ঘটনাত পতিত প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বাহন, VIDEO

ডিজিটেল সংবাদ, ৰহাঃ ৰহাত দুৰ্ঘটনাত পতিত প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বাহন। শনিবাৰে গুৱাহাটীৰ পৰা গোলাঘাটলৈ গৈ থকা অৱস্থাত ৰহাৰ দীঘলীআটিত ৩৭নং ৰাষ্ট্ৰীয় পথত সংঘটিত হয় এই দুৰ্ঘটনা।

প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে নাহৰকটীয়াৰ বিধায়ক নৰেন সোণোৱালক লগত লৈ AS 01BV 9538 নম্বৰৰ ইন'ভা গাড়ীখনেৰে গুৱাহাটীৰ পৰা গোলাঘাটলৈ গৈ থকা অৱস্থাত ৰহাৰ দীঘলীআটি পাওঁতে গৈ থকা AS 01 FC 8257 নম্বৰৰ ট্ৰেভেলাৰখনে যাত্ৰী নমাবলৈ হঠাৎ ৰৈ দিয়াত অগপৰ নেতা দুগৰাকী গৈ থকা ইন'ভাখনে পিচফালৰ পৰা ট্ৰেভেলাৰখনত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা।

দুৰ্ঘটনাটোৰ নাহৰকটীয়াৰ বিধায়ক নৰেন সোণোৱাল সামান্য আঘাতপ্ৰাপ্ত হয় যদিও ৰক্ষা পৰে ফণীভূষণ চৌধুৰী। অগপৰ নেতাগৰাকীৰ লগত কোনো নিৰাপত্তাৰক্ষী নাছিল। ইপিনে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচত ট্ৰেভেলাৰখনে পলায়ন কৰে। পিচত অন্য বাহনেৰে দুয়োগৰাকী গোলাঘাটৰ অভিমুখে ৰাওনা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in