ৰঙিয়াৰ তুলসীবাৰীত ভয়ংকৰ দুৰ্ঘটনা,চূৰ্ণ বিচূৰ্ণ চুইফ্ট ডিজায়াৰ

ৰঙিয়াৰ তুলসীবাৰীত ভয়ংকৰ দুৰ্ঘটনা,চূৰ্ণ বিচূৰ্ণ চুইফ্ট ডিজায়াৰ

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াৰ সমীপৱৰ্তী তুলসীবাৰীত বৃহস্পতিবাৰে পুৱাই সংঘটিত হ'ল অঘটন। ভাৰত-ভূটান আন্তৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক আৰু চুইফ্ট ডিজায়াৰ বাহনৰ সংঘৰ্ষত বৃহস্পতিবাৰে দুজন লোক গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, ৰঙিয়া অভিমুখে আহি থকা অৱস্থাত চুইফ্ট ডিজায়াৰ খনত বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী ট্ৰাকে খুন্দা মাৰে। যাৰ ফলত চুইফট ডিজিয়াৰখনৰ চালকজন গুৰুতৰভাৱে আহত হয়। আনহাতে সেই সময়তে পথেৰে গৈ থকা এজন চাইকেল আৰোহীক নিয়ন্ত্ৰণ হেৰুৱাই চুইফ্ট ডিজায়াৰখনে খুন্দা মৰাত বাদল দাস নামৰ চাইকেল আৰোহীজনো গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাত আহত দুয়োজনক স্থানীয় লোকে ততাতৈয়াকৈ সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও দুয়োজনক উন্নত চিকিৎসাৰ বাবে পিছত জিএমচিএইছলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in