উৰুকাৰ ভোজ-মেজি দাহ-বিহুৰ মাজতেই ৰাজ্যৰ বিভিন্ন স্থানত অঘটন, নিহত ৫জনকৈ লোক…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ভোগৰ বিহু ভোগালী। মেজিৰ জুইত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাইজে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰি অসম বিৰোধী এই আইনখন বাতিলৰ দাবী তোলাৰ লগতে শান্তি-সমৃদ্ধি অটুট থকাৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে।

কিন্তু তাৰ মাজতেই উৰুকাৰ নিশাৰ পৰা ভোগালী বিহুৰ দিনলৈ ৰাজ্যৰ বিভিন্ন ঠাইত সংঘটিত হৈছে বহু শোকাৱহ তথা ভয়ংকৰ ঘটনা। মঙলবাৰে নিশা তালাপৰ অইল কেম্পৰ সমীহৰ এটা পৰিয়ালৰ বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত পৰিয়ালটোৰ কোনো হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

ইফালে, বোকাখাতৰ সাপগুৰিত উৰুকাৰ নিশা ঘন কুঁৱলীৰ ফলতেই সংঘটিত হয় এক পথ দুৰ্ঘটনা। পথৰ কাষৰ এটা বিদ্যুতৰ খুঁটাত খুন্দা মাৰে এখন বাইকে। এই দুৰ্ঘটনাত থিতাতে নিহত দুজন লোক। দুৰ্ঘটনাত নিহত দুজন ক্ৰমে ৰোহিত গোস্বামী আৰু ভাইতী গড় বুলি চিনাক্ত কৰা হৈছে।লগতে আন্ধেৰীঘাটত সংঘটিত এক বাইক দুৰ্ঘটনাত নিহত হয় মাধৱ শইকীয়া নামৰ এজন লোক।

আনহাতে, বুধবাৰে পুৱাই দুলীয়াজান-নাহৰকটীয়া সংযোগী পথত দুৰ্ঘটনাত নিহত হয় এজন স্কুটী আৰোহী। বিতু চেতিয়া নামৰ লোকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত ভোগালী বিহুৰ দিনটোত পৰিছে শোকৰ ছাঁ। তদুপৰি পথ দুৰ্ঘটনাৰ লগতে তালাপত সংঘটিত হৈছে এক হত্যাকাণ্ডৰ ঘটনা। পুত্ৰয়ে হত্যা কৰিলে পিতৃক। পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in