প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীলৈ এবছুৰ শ্ৰদ্ধাঞ্জলি

প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীলৈ এবছুৰ শ্ৰদ্ধাঞ্জলি

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিৱেদন কৰিছে এবছুৱে। আজি এবছুৰ উদ্যোগত বিটিএডিৰ চাৰি জিলাৰ লগতে ৰাজ্যৰ আন আন প্ৰান্ততো ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। কোকৰাঝাৰৰ প্ৰগতি ভৱন প্ৰাংগণত এবছুৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিভিন্ন দল-সংগঠনৰ নেতাই বাজপেয়ীৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বিয়োগত গভীৰ দুখ প্ৰকাশ কৰি মৃতকৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰে। অটল বিহাৰী বাজপেয়ীয়ে বড়োসকলৰ উত্তৰণত অন্যতম ভূমিকা লৈছিল বুলি মন্তব্যৰে লৰেঞ্চ ইছলাৰীয়ে একমাত্ৰ বাজপেয়ীৰ সদিচ্ছাৰ বাবেই সংবিধান সংশোধন কৰি ভৈয়ামত ষষ্ঠ অনুসূচীৰ আধাৰত বিটিচি গঠন কৰিছিল।

বড়ো ভাষা সংবিধানৰ অষ্টম অনুসূচীত অন্তভূক্তকৰণতো বাজপেয়ীৰ ভূমিকা অপৰিসীম বুলি মন্তব্যৰে লৰেঞ্চ ইছলাাৰীয়ে অটল বিহাৰী বাজপেয়ীৰ মহাপ্ৰস্থানে দেশে এগৰাকী মহান জননেতাক হেৰুৱালে বুলি মত প্ৰকাশ কৰে। অনুষ্ঠানত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্ময়ো বাজপেয়ীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বাজপেয়ীৰ মহাপ্ৰস্থানত শোক প্ৰকাশ কৰিছে।

জৱাহৰলাল নেহেৰুৰ পিছতেই অটল বিহাৰী বাজপেয়ী আধুনিক ভাৰতৰ স্ৰষ্টা আছিল বুলি মন্তব্যৰে উৰ্খাও গৌৰা ব্ৰহ্মই বিটিচি চুক্তি, বড়ো ভাষাক অষ্টম অনুসূচীত অন্তৰ্ভূক্তিকৰণৰ ক্ষেত্ৰত বাজপেয়ীৰ ভূমিকাক শ্ৰদ্ধাৰে স্মৰণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in