বড়ো মাধ্যমৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ ১২৬৬ গৰাকী ছাত্ৰ-ছাত্ৰী, এবছুৰ উদ্বেগ প্ৰকাশ

বড়ো মাধ্যমৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ ১২৬৬ গৰাকী ছাত্ৰ-ছাত্ৰী, এবছুৰ উদ্বেগ প্ৰকাশ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ সদ্য ঘোষিত মেট্ৰিক পৰীক্ষাত বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে৷ বৃহস্পতিবাৰে কোকৰাঝাৰস্থিত এবছুৰ মুখ্য কাৰ্যালয় বডোফা হাউচত অনুষ্ঠিত হোৱা এক সংবাদমেলত এবছুৰ শিক্ষা সম্পাদক কাষ্টম বসুমতাৰী আৰু সহকাৰী শিক্ষা সম্পাদক অবিত নাৰ্জাৰীয়ে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতীমান সকলক শুভেচ্ছা জ্ঞাপন কৰি চলিত বৰ্ষত বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ পৰা মাথো ১২৬৬ গৰাকীহে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাত গভীৰ উদ্বেগ ব্যক্ত কৰে।

ইয়াৰ প্ৰধান কাৰণ হিচাপে প্ৰাদেশীকৃত বড়ো মাধ্যমৰ বিদ্যালয়সমূহত প্ৰয়োজনীয় শিক্ষক-শিক্ষয়িত্ৰীৰ অভাৱ, বিজ্ঞান, ইংৰাজী, গণিত বিষয়ৰ শিক্ষকৰ অভাৱ, সঠিক সময়ত সঠিকভাবে পাঠ্যপুথি যোগান নধৰা আৰু বড়ো মাধ্যমৰ উচ্চ মাধ্যমিক বিদ্যালয়সমূহ প্ৰাদেশীকৰণ নোহোৱা আদিয়েই মুল কাৰণ বুলি উল্লেখ কৰি এবছুৱে বড়ো মাধ্যম বিদ্যালয়সমুহৰ অভাৱ সমূহ শীঘ্ৰে পুৰণ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।

ইপিনে সংবাদমেলত এবছুৱে ২০০৬ বৰ্ষক শিক্ষাৰ বৰ্ষ হিচাপে ঘোষণা কৰি শৈক্ষিক দিশৰ প্ৰগতিৰ বাবে বিভিন্ন ধৰণৰ কাম-কাজৰ সৈতে জড়িত হোৱাৰ লগতে ২০০৭ চনৰ পৰা ২০২০ চনলৈ "মিছন কোৱালিটি" ঘোষণা কৰি বৰ্তমানলৈ শিক্ষা তথা ছাত্ৰ-ছাত্ৰীৰ মনোবল বৃদ্ধি কৰাত আত্মনিয়োগ কৰাৰ কথা উল্লেখ কৰে শিক্ষা সম্পাদক কাষ্টম বসুমতাৰীয়ে৷

বিশেষকৈ মাতৃভাষা বড়ো মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰা, অনুপ্ৰাণিত কৰাৰ সমান্তৰালকৈ গুণগত শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি এবছুৰ শিক্ষা সম্পাদক কাষ্টম বসুমতাৰী আৰু সহকাৰী শিক্ষা সম্পাদক অবিত নাৰ্জাৰীয়ে কয় যে, মাতৃভাষা মাধ্যমত অধ্যয়ন কৰি ছেবাৰ দ্বাৰা পৰিচালিত মেট্ৰিক পৰীক্ষাত বড়ো মাধ্যমৰ পৰা প্ৰথম দহটা স্থানপ্ৰাপ্ত কৃতি ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদানৰ দিহাও কৰা হৈছে৷

ছাত্ৰ নেতাদ্বয়ে জানিবলৈ দিছে ২০০৬ চনৰ পৰা প্ৰতি বছৰে ৰাজ্যৰ বড়ো মাধ্যমৰ পৰা মেট্ৰিক পৰীক্ষাত প্ৰথম দহটা স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীলৈ "কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বঁটা " প্ৰদান কৰি অহা হৈছে। চলিত বৰ্ষৰ চতুৰ্দশ কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বঁটা প্ৰদান কাৰ্যসূচী অহা ২২মে'ত ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ বডোফা পথাৰত আয়োজন কৰা হৈছে বুলি প্ৰকাশ কৰি উক্ত কাৰ্যসূচীতে বড়ো মাধ্যমৰ পৰা দহটা স্থানপ্ৰাপকক মানপত্ৰ, আৰনাই আৰু নগদ দহহাজাৰ টকাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব বুলি সদৰি কৰিছে এবছুৰ শিক্ষা সম্পাদক কাষ্টম বসুমতাৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in