জীৱনৰ শেষৰ ফালে তীব্ৰ আৰ্থিক সংকটত পৰিছিল লাজমী

জীৱনৰ শেষৰ ফালে তীব্ৰ আৰ্থিক সংকটত পৰিছিল লাজমী

ডিজিটেল ডেস্কঃ কল্পনা লাজমী আৰু নাই। দেওবাৰে পুৱা ৪.৩০ বজাত আহিল এই দুঃখবৰ। অসমবাসীৰ বাবে কল্পনা লাজমী আছিল অতিকৈ চিনাকি নাম। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ বিশ্বস্ত জীৱন সংগী আছিল কল্পনা লাজমী। বলিউডৰ এগৰাকী পৰিচালক হিচাপে লাজমীয়ে বিশেষ পৰিচয় লাভ কৰিছিল। শ্যাম বেনাগলৰ সৈতে সহকাৰী হিচাপে ছবিজগতত ভৰি দিছিল কল্পনা লাজমীয়ে। বৃক্কৰ উপৰিও  জটিল ৰোগত আক্ৰান্ত হৈছিল লাজমী।

কেন্সাৰ ৰোগত আক্ৰান্ত হৈ শেষৰ ফালে যথেষ্ট আৰ্থিক অনাটনত ভুগিছিল তেওঁ। লাজমীক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল আমিৰ খান, ছলমান খান, কৰণ জোহাৰ, আলিয়া ভাট্ট আদি। ৪০ বছৰ ভূপেন হাজৰিকাৰ সৈতে একেলগে থকা অভিজ্ঞতাৰে যোৱা ৮ ছেপ্টেম্বৰত কল্পনা লাজমীয়ে লিখি উলিয়াইছিল এখন গ্ৰন্থ।

'ভূপেন হাজৰিকা- এজ আই নিউ হিম' গ্ৰন্থখন উন্মোচন কৰিছিল শ্যাম বেনাগলে। এই অনুষ্ঠানলৈ অসুস্থতাৰ বাবেই আহিব পৰা নাছিল কল্পনা লাজমী। ২০১১চনত ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছত নিসংগ হৈ পৰিছিল কল্পনা লাজমী। বৃক্ক, কৰ্কট ৰোগত আক্ৰান্ত হৈছিল বলিউডৰ এই পৰিচালিকা গৰাকী।

১৯৫৪ চনত জন্ম হৈছিল কল্পনা লাজমীৰ। কল্পনা লাজমী আছিল বিখ্যাত চিত্ৰশিল্পী ললিতা লাজমী আৰু বিখ্যাত ছবি নিৰ্মাতা গুৰু দত্তৰ কন্যা। শ্যাম বেনাগলৰ ছবি 'ভূমিকা দ্য ৰোল'ত কাষ্টম ডিজাইনাৰ হিচাপে তেওঁ ছবিজগতত প্ৰৱেশ কৰিছিল।

১৯৭৮চনৰ পৰা তেওঁ কেবাখনো তথ্য চিত্ৰ নিৰ্মাণত নিৰ্দেশনা দিছিল। তাৰ ভিতৰত 'এ ৱৰ্ক ষ্টাডি ইন টি প্লাকিং', 'এলং দ্য ব্ৰহ্মপুত্ৰ' আছিল অন্যতম। ১৯৮৬চনত তেওঁ প্ৰথমখন ছবি 'এক পল' পৰিচালনা কৰে। এই ছবিখনত অভিনয় কৰিছিল শ্বাৱানা আজমী, নশ্বিৰউদ্দিন শ্বাহে। চিত্ৰনাট্য লিখিছিল লাজমীয়ে। গুলজাৰৰ সৈতে এই কামত হাত দিছিল কল্পনাই।

কেবাখনো টেলিভিচনৰ চিৰিয়েলো পৰিচালনা কৰিছিল লাজমীয়ে। ১৯৮৫চনত তেওঁ 'লুইত কিনাৰে' নামৰ চিৰিয়েল খনৰ পৰিচালনা কৰিছিল। কিছুদিন বিৰতিৰ পাছত ১৯৯৩চনত তেওঁ 'ৰ'দালী' পৰিচালনা কৰিছিল। য'ত নায়িকাৰ ভূমিকাত অভিনয় কৰিছিল ডিম্পল কাপাডীয়াই । এই ছবিখনৰ বাবে ডিম্পল কাপাডীয়াই ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ অভিনেত্ৰী বঁটাও লাভ কৰিছিল।

২০০১চনত তেওঁ পৰিচালনা কৰা আন এখন ছবি আছিল 'দমনঃ এ ভিক্টিম অৱ মেৰিটেল ভাইলেন্স'। এইখন ছবিৰ বাবেও যথেষ্ট সন্মান লাভ কৰিছিল কল্পনাই। তেওঁৰ শেষৰখন ছবি আছিল 'চিংগাৰী'।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in