ABMSUৰ হুংকাৰ- শীঘ্ৰে কৰায়ত্ব কৰক লাফিকুল ইছলামৰ হত্যাকাৰীক, বন্ধ কৰক সংখ্যালঘুৰ উচ্ছেদ অভিযানঃ চুপ্ৰিম কোৰ্টত দাখিল কৰা হ’ব PIL

ABMSUৰ হুংকাৰ- শীঘ্ৰে কৰায়ত্ব কৰক লাফিকুল ইছলামৰ হত্যাকাৰীক, বন্ধ কৰক সংখ্যালঘুৰ উচ্ছেদ অভিযানঃ চুপ্ৰিম কোৰ্টত দাখিল কৰা হ’ব PIL

ডিজিটেল সংবাদ কোকৰাঝাৰঃ ২০১৭ চনৰ ১ আগষ্টত দিন দুপৰতে কোকৰাঝাৰৰ তিতাগুৰীত দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা এবি এম ছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীৰ আজিও সন্ধান নোলাল । উক্ত হত্যাকাণ্ডই ৫ টা বছৰত ভৰি দিলে যদিও আজিও হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো চৰকাৰৰ বিফলতা । এই মন্তব্য প্ৰকাশ কৰিছে এবিএমছুৰ সভাপতি আশ্ৰাফুল ইছলামে ৷

আজি কোকৰাঝাৰত সাংবাদিকৰ আগত উক্ত মন্তব্য প্ৰকাশ কৰি এবিএমছুৰ সভাপতি আশ্ৰাফুল ইছলামে পাঁচটা বছৰতো হত্যাকাৰীক কৰায়ত্ব নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে । অতি শীঘ্ৰে হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ দাবী জনায়। অন্যথা এবিএমছুৰ সভাপতি আশ্ৰাফুল ইছলামে তীব্ৰ গণতান্ত্ৰিক আন্দোলল গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

আনহাতে এবিএমছুৱে প্ৰতি বছৰে ১ আগষ্টত প্ৰয়াত ছাত্ৰ নেতা লাফিকুল ইছলাম আহমেদৰ স্মৃতিত ছাত্ৰ সংহতি দিৱস উদযাপন কৰি আহিছে আৰু এইবেলিও অহা ১ আগষ্টত গুৱাহাটীৰ মাছখোৱাৰ আই টি এ সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত এবিএমছুৱে কেন্দ্ৰীয়ভাৱে ছাত্ৰ সংহতি দিৱস উদযাপন কৰিব বুলি সদৰি কৰিছে।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিশিষ্ট সাহিত্যিক ড° হীৰেন গোহাঁইয়ে অংশগ্ৰহণ কৰাৰ লগতে আন বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি সদৰি কৰে । ইপিনে অসম চৰকাৰে ধৰ্মীয় সংখ্যালঘুৰ ওপৰত চলোৱা অত্যাচাৰ আৰু উচ্ছেদ অভিযান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে- বিষয়টো সন্দৰ্ভত আলোচনা কৰি থকা হৈছে আৰু আইনী দিশসমূহ পৰ্যালোচনা কৰি পৰৱৰ্তী পৰ্যায়ত এবিএমছুৱে চৰকাৰৰ বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আৱেদন দাখিল কৰা হ'ব বুলি সদৰী কৰিছে এবিএমছুৰ সভাপতি আশ্ৰাফুল ইছলামে ৷ উচ্ছেদক লৈ ভাৰতৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈও এবিএমছুৱে পত্ৰ প্ৰেৰণ কৰিব বুলি সদৰি কৰিছে এবিএমছুৰ সভাপতি আশ্ৰাফুল ইছলামে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in